তেওঁ ঊণ আৰু শণ সূতা বাচি লয়, আৰু সেই সূতাৰে নিজ হাতেৰে আনন্দেৰে কাম কৰে।
মিদিয়নৰ পুৰোহিতৰ সাত গৰাকী জীয়েক আছিল। তেওঁলোকে সেই নাদলৈ আহিছিল, আৰু পিতৃৰ মেৰ-ছাগৰ জাকক পানী খুৱাবৰ বাবে নাদৰ পৰা পানী তুলি পাত্রত ভৰাই আছিল।
তেওঁ স্বামীৰ বাবে ভাল কাৰ্য কৰে, বেয়া কাৰ্য নকৰে।
তেওঁ বণিকৰ জাহাজৰ দৰে, তেওঁ বহুত দূৰৰ পৰা নিজৰ খোৱা বস্তু আনে,
আমি আপোনালোকক পুণৰ পৰামর্শ দিওঁ যে, আপোনালোকে শান্তিপূর্ণ জীৱন কটোৱাৰ বাবে আপ্রাণ চেষ্টা কৰক; আমি দিয়া আজ্ঞা অনুসাৰে নিজৰ কার্যত মনোযোগ দিয়ক, নিজ হাতেৰে পৰিশ্রম কৰিবলৈ ইচ্ছা কৰক।
তেওঁৰ এনেবোৰ সৎকামৰ কাৰণে সুনাম থকা উচিত; অৰ্থাৎ যদি তেওঁ সন্তানবোৰক লালন-পালন কৰি থাকে, আলহী সুধি থাকে, পবিত্ৰ লোক সকলৰ ভৰি ধুৱাই থাকে, ক্লেশ পোৱাবোৰৰ উপকাৰ কৰে, আৰু সকলো সৎ কৰ্মৰ অনুগামী হৈ থাকে, এই সকলো সৎকৰ্মৰ বাবে সেই জনীয়ে সুখ্যাতি পোৱা উচিত৷
এতেকে মোৰ আজ্ঞা এই যে, যুৱতী বিধৱা সকলে তিৰস্কাৰৰ অর্থে বিপক্ষক কোনো সুযোগ নিদিবৰ বাবে তেওঁলোকে পুণৰ বিয়া কৰাওক, সন্তানৰ মাক হওক, আৰু ঘৰ-সংসাৰ কৰক।
নিৰ্দোষী, ঘৰ-ধৰোতা, সৎ স্বভাৱৰ, আৰু নিজ নিজ স্বামীৰ বশীভুতা হবলৈ শিকাই বুজাই সুবুদ্ধি কৰি তুলিবৰ বাবে তেওঁলোকে শিক্ষা দিয়ক, যাতে ঈশ্বৰৰ বাক্য নিন্দিত নহয়৷
এইদৰে যৱ ধান আৰু ঘেহুঁ ধান দাই শেষ নকৰালৈকে তেওঁ ধান বুটলি বোৱজৰ দাসীসকলৰ লগে লগে থাকিল, আৰু নিজ শাহুৱেকৰ লগত বাস কৰিলে।