Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



হিতো 31:10

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

প্রতিভাসম্পন্ন ভাৰ্যা কোনে বিচাৰি পায়? মূল্যবান ৰত্নতকৈ তেওঁৰ মূল্য অতি অধিক।

অধ্যায়টো চাওক কপি কৰক

14 পৰস্পৰ সংযোগসমূহ  

তাৰ আগত পোৱাল আৰু স্ফটিকৰো নাম লব নোৱাৰি, এনে কি, পদ্মৰাগ বাখৰত্কৈয়ো জ্ঞানৰ মূল্য অধিক।

গুণৱতী ভাৰ্যা স্বামীৰ মুকুটৰ দৰে; কিন্তু লাজ দিওঁতা মহিলাৰ অস্থি ক্ষয়কাৰী ৰোগ যেন হয়।

জ্ঞানৱতী মহিলাই নিজৰ ঘৰ নিৰ্মাণ কৰে; কিন্তু অজ্ঞানী মহিলাই নিজৰ হাতেৰে তাক ভাঙি পেলায়।

যি জনে ভাৰ্যা পায়, তেওঁ পৰম বস্তু পায়, আৰু যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে।

ঘৰ আৰু ধন-সম্পত্তি পিতৃসকলৰ পৰা পোৱা উত্তৰাধিকাৰ; কিন্তু জ্ঞানৱতী ভাৰ্যা যিহোৱাৰ পৰা পোৱা যায়।

সোণ আৰু অজস্র মূল্যবান পাথৰ আছে; কিন্তু জ্ঞানযুক্ত ওঁঠ অমূল্য ৰত্ন।

প্রজ্ঞা অলঙ্কাৰতকৈয়ো বহুমূলীয়া; আৰু তোমাৰ অভিলাষৰ কোনো বস্তুকেই প্রজ্ঞাৰ লগত তুলনা কৰিব নোৱাৰি।

তেওঁৰ স্বামীৰ হৃদয়ে তেওঁত বিশ্বাস কৰে, আৰু তেওঁৰ স্বামীৰ কেতিয়াও অভাৱ নহয়।

কিয়নো প্রজ্ঞা পদ্মৰাগতকৈয়ো উত্তম, তুমি ইচ্ছা কৰা কোনো বস্তুকে তাৰ লগত তুলনা কৰিব নোৱাৰি।

মোৰ প্ৰাণে যি বিচাৰিছে, তাক মই এতিয়াও পোৱা নাই; হাজাৰজনৰ মাজত এজনহে সৎ পুৰুষ পালোঁ, কিন্তু তেওঁলোকৰ মাজত এগৰাকী স্ত্রীকো সৎ দেখা নাপালোঁ।

এতেকে আইটি, তুমি ভয় নকৰিবা; তুমি কোৱা সকলোকে মই কৰিম, কিয়নো তুমি যে সতী, ইয়াক মোৰ নিজ নগৰৰ ভিতৰত থকা সকলো মানুহে জানে।

তেওঁৰ নাম নাবল আছিল, আৰু তেওঁৰ ভাৰ্য্যাৰ নাম অবীগল আছিল। মহিলাগৰাকী জ্ঞানী আৰু দেখাত ধুনীয়া আছিল, কিন্তু মানুহজন কঠিন-মনা আৰু দুষ্ট আছিল। তেওঁ কালেবৰ বংশৰ আছিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন