ৰূপৰ পৰা ধাতুমল দূৰ কৰা; ধাতুৰ কাম কৰা জনে তেওঁৰ শিল্পকাৰ্যত ৰূপ ব্যৱহাৰ কৰিব পাৰে;
কিয়নো, হে ঈশ্বৰ, তুমি আমাক পৰীক্ষা কৰিলা, ৰূপ খপাৰ দৰে আমাক পৰীক্ষা কৰিলা।
ৰূপৰ কাৰণে ধাতু গলোৱা পাত্ৰ, আৰু সোণৰ কাৰণে ভাতী, কিন্তু যিহোৱাই হৃদয় শোধন কৰে।
উচ্চতাৰ কাৰণে আকাশ, আৰু গভীৰতাৰ কাৰণে পৃথিৱী যিদৰে, সেইদৰে ৰজাসকলৰ হৃদয় অনুসন্ধান কৰা নাযায়।
জ্বলন্ত ওঁঠ আৰু দুষ্টৰ হৃদয়, মাটিৰ পাত্ৰত সানি দিয়া জিলিকনিৰ দৰে।
“হে মনুষ্য সন্তান, ইস্ৰায়েল বংশ মোৰ দৃষ্টিত আৱৰ্জনাস্বৰূপ হ’ল। তেওঁলোক সকলোৱেই মূহিত দিব লগা পিতল, বগীতাম, লোহা আৰু সীহস্বৰূপ তেওঁলোক ৰূপৰ আৱৰ্জনাস্বৰূপ।
অাপোনালোকৰ এই বিশ্বাস পৰীক্ষাসিদ্ধ হ’ব লাগে, কিয়নো আপোনালোকৰ বিশ্ৱাস সোণতকৈও মূল্যবান। বিশ্ৱাসৰ পৰীক্ষাত যদি আপোনালোকৰ বিশ্বাস অটল দেখা যায়, তেনেহলে যীচু খ্ৰীষ্টৰ পুনৰাগমনৰ সময়ত অাপোনালোকে কিমান গৌৰৱ, প্ৰশংসা, মৰ্যদা পাব৷