মানুহৰ অজ্ঞানতাই তেওঁৰ জীৱন ধ্বংস কৰে; আৰু তেওঁৰ হৃদয় যিহোৱাৰ বিৰুদ্ধে ক্রোধাম্বিত হয়।
ইলীচাই তেওঁলোকৰ সৈতে কথা কৈ থাকোতেই, সেই মানুহজন তেওঁৰ ওচৰলৈ নামি আহিল। পাছত ৰজাই আহি ক’লে, “চাওঁক, এই বিপদ যিহোৱাৰ পৰা আহিছে। তেন্তে যিহোৱাৰ কাৰণে মই আৰু কিয় বাট চাই থাকিম?”
তোমাৰ মনক নো কিহে এনেকৈ বিপথলৈ নিয়ে? আৰু তোমাৰ চকু নো কিয় ইমানকৈ তিৰবিৰাইছে?
তুমি দুষ্টবোৰৰ কাৰণে অস্থিৰ নহবা; কুকার্য কৰাবোৰক দেখি হিংসা নকৰিবা।
যিহোৱাৰ আগত শান্ত হোৱা; ধৈৰ্যেৰে তেওঁলৈ অপেক্ষা কৰা। যি মানুহে নিজৰ দুষ্ট পৰিকল্পনাৰে কৃতকাৰ্য্য হবলৈ কর্ম কৰে, তাত তুমি অসন্তোষ্ট নহ’বা;
সাধুলোকৰ সততা তেওঁলোকৰ পথদৰ্শক; কিন্তু বিশ্বাস-ঘাতকসকলৰ কুটিলতাই তেওঁলোকক বিনষ্ট কৰে।
কিয়নো অপবিত্ৰ কাৰ্য কৰিবলৈ, যিহোৱাৰ বিৰুদ্ধে ভ্ৰান্তিজনক কথা কব, ক্ষুধাতুৰ পেট শুদা ৰাখিব, আৰু তৃষ্ণাতুৰৰ পানীৰ অভাৱ কৰাব, কাৰণ মুৰ্খই মুৰ্খতাৰ কথা ক’ব, আৰু তেওঁৰ হৃদয়েৰে অধৰ্ম চিন্তা কৰিব।
জীৱিত মানুহে কিয় আপত্তি কৰে? মানুহে নিজ পাপৰ দণ্ডৰ বাবে কিয় আপত্তি কৰে?
তথাপি তোমালোকে কোৱা, ‘প্ৰভুৰ পথ সৎ নহয়!’ শুনা, হে ইস্ৰায়েল বংশ! মোৰ পথবোৰ সৎ নহয়নে? তোমালোকৰ পথবোৰহে জানো সৎ নহয়?
সেয়ে চমূৱেলে চৌলক ক’লে, “তুমি অজ্ঞানৰ কৰ্ম কৰিলা। তোমাৰ ঈশ্বৰ যিহোৱাই তোমাক যি আজ্ঞা দিছিল, তাক পালন নকৰিলা। কৰা হ’লে যিহোৱাই ইস্ৰায়েলৰ ওপৰত তোমাৰ ৰাজত্ব চিৰস্থায়ী কৰিলহেঁতেন।
কিয়নো বিদ্ৰোহ আচৰণ কৰা, মঙ্গলচোৱা পাপৰ তুল্য; আৰু আঁকোৰগোঁজ হোৱা, পাপিষ্ঠ আৰু অসাধু কাৰ্যৰ দৰে, - কাৰণ তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, সেয়ে তেৱোঁ তোমাক ৰজা পদৰ পৰা অগ্ৰাহ্য কৰিলে।”