যিহোৱাই সেই উদ্দেশ্যে সকলোকে সৃষ্টি কৰিলে; এনে কি, তেওঁ দুষ্টলোককো দুৰ্দ্দশা-দিনৰ বাবে সৃষ্টি কৰিলে।
পাছত ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলোকে চালে। সেইবোৰ চাই অতি উত্তম পালে। গধূলি আৰু পুৱা হোৱাৰ পাছত ষষ্ঠ দিন হ’ল।
সি আহাৰৰ নিমিত্তে ভ্ৰমন কৰি কয়, ‘ক’ত আছে?’ সি জানে যে, আন্ধৰৰ দিন তাৰ ওচৰত উপস্থিত আছে।
দুষ্টই বিপদৰ দিনত ৰক্ষা পায়, আৰু ক্ৰোধৰ দিনত তাক আঁতৰাই নিয়া হয়, এই বুলি তেওঁলোকে কোৱা বিবৰণ তোমালোকে নাজানা নে?
অৱশ্যে তোমাক মোৰ শক্তি দেখুৱাবলৈ আৰু গোটেই পৃথিৱীত মোৰ নাম যেন খ্যাতিমন্ত হয়, সেই কাৰণে মই তোমাক জীয়াই থাকিব দিছোঁ।
অহংকাৰী হৃদয়ৰ প্ৰত্যেক লোকক যিহোৱাই ঘিণ কৰে; যদিও তেওঁলোকে হাতত ধৰাধৰিকৈ থাকে, তথাপিও তেওঁলোকে দণ্ড নোপোৱাকৈ নাথাকিব।
নিজ নিজ উপযুক্ত সময়ৰ বাবে ঈশ্বৰে সকলোবোৰ ঠিক কৰি ৰাখিছে। তেওঁ মানুহৰ হৃদয়বোৰত অনন্ত কাল ৰাখিছে। তথাপিও আদিৰ পৰা অন্তলৈকে ঈশ্বৰে যি যি কাম কৰিছে মানুহে তাক বুজিব পৰা নাই।
এই লোকসকলক মোৰ নিজৰ বাবে নিৰ্মাণ কৰিলোঁ, যাতে তেওঁলোকে মোৰ প্রশংসা গুণ কীৰ্ত্তন কৰিব পাৰে।
মোৰ নামেৰে প্ৰখ্যাত হোৱা, আৰু মোৰ গৌৰৱৰ অৰ্থে মই সৃষ্টি কৰা প্ৰতিজনক আনি দিয়া; তেওঁলোকক মই গঠন কৰিলোঁ, মই নিৰ্ম্মাণ কৰিলোঁ।
কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণেই হয়; তেওঁৰেই মহিমা চিৰকাল হওক। আমেন।
ঈশ্বৰে, নিজ ক্ৰোধ দেখুৱাবৰ বাবে আৰু পৰাক্ৰম জনাবৰ ইচ্ছাৰে যদি বিনাশৰ কাৰণে যুগুত হোৱা ক্ৰোধৰ পাত্ৰ সকলক অধিক চিৰসহিষ্ণুতাৰে সহন কৰিলে,
আৰু, “উজুটি খুউৱা শিল, আৰু বিঘ্নজনক শিল হ’ল।” তেওঁলোক বিঘ্নজনক, তেওঁলোকে বাক্য অমান্য কৰাত উজুটি খায়, তাৰ কাৰণে তেওঁলোক নিযুক্তও হৈছিল।
তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে আপোনালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষক সকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়।
গতিকে যি সকল ঈশ্বৰভক্ত লোক, তেওঁলোকক কেনেদৰে পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিব লাগে, প্রভুৱে জানে। যি সকলে ঈশ্বৰক ভক্তি নকৰে, অধার্মিক লোক; তেওঁলোকক কেনেদৰে বিচাৰৰ দিনা শাস্তি দিয়া হ’ব, সেই বিষয়েও প্রভুৱে জানে।
“হে আমাৰ প্ৰভু, আমাৰ ঈশ্বৰ, তুমিয়েই মহিমা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা, তোমাৰ ইচ্ছাৰ কাৰণে সকলোবোৰ আছে, আৰু সকলোবোৰ সৃষ্ট হ’ল।”