পৰিশ্ৰমীসকলৰ হাতে শাসন কৰিবলৈ পাব; কিন্তু এলেহুৱা লোকক বাধ্যতাৰে পৰিশ্রম কৰিব দিয়া হ’ব।
সি জিৰণিক ভাল দেখি, আৰু দেশক সুন্দৰ দেখি, ভাৰ ব’বলৈ নিজৰ কান্ধ পাতি দিলে আৰু কৰি দিবলগীয়া কামৰ ভাৰ লৈ দাস হ’ল।
সেই যাৰবিয়াম এজন বলৱান আৰু সাহসিয়াল লোক আছিল৷ চলোমনে সেই ডেকাজনক পৰিশ্ৰমী দেখি তেওঁক যোচেফৰ বংশৰ সকলো ভাৰ-বোৱা লোকৰ ওপৰত অধ্যক্ষ পাতিছিল।
গোটেই ইস্ৰায়েলে যাৰবিয়াম ঘূৰি অহা কথা শুনি, দূত পঠিয়াই তেওঁক সমাজৰ ওচৰলৈ মতাই আনি গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে৷ তাতে কেৱল যিহূদা ফৈদৰ বাহিৰে, আন কোনেও দায়ুদৰ বংশৰ পাছত চলোঁতা নহ’ল।
যি সন্তান সকল সেই দেশত অৱশিষ্ট থাকিল, যিবোৰক ইস্ৰায়েলৰ সন্তান সকলে নিঃশেষ হোৱাকৈ বিনষ্ট কৰিব নোৱাৰিলে - সিহঁতৰ মাজৰ পৰাই বন্দী কামৰ বাবে ৰজা চলোমনে মানুহ গোটালে, আৰু এই লোকসকলে আজিলৈকে তাকেই কৰি আছে।
এলেহুৱা হাতেৰে কাম কৰা মানুহ দৰিদ্ৰ হয়, কিন্তু পৰিশ্ৰমীজনৰ হাতে তেওঁক ধনৱান কৰে।
এলেহুৱাই নিজে ধৰা চিকাৰ নাৰান্ধে; কিন্তু পৰিশ্ৰমী লোকে মূল্যবান সম্পত্তি লাভ কৰে।
এলেহুৱাই ইচ্ছা কৰিলেও একো নাপায়; কিন্তু পৰিশ্ৰমীজনে ইচ্ছা কৰিলে সম্পূৰ্ণভাৱে সন্তুষ্ট হয়।
এজন জ্ঞানী দাসে লাজ দিওঁতা পুত্ৰৰ ওপৰত শাসন কৰিব, আৰু ভায়েকসকলৰ এজন যেন হৈ উত্তৰাধিকাৰ ভগাই লব।
এলাহে মানুহক দুৰ্ঘোৰ নিদ্রাত পেলায়, কিন্তু যিজনে কাম কৰিবলৈ ইচ্ছা নকৰে, তেওঁ ভোকত থাকিব।
এলেহুৱাই কয়, “বাটত এটা সিংহ আছে! মুকলি ঠাইত মোক বধ কৰিব।”
নিজৰ কামত নিপুন থকা লোকক তুমি দেখিছা নে? তেওঁ ৰজাৰ আগত থিয় হ’ব, তেওঁ সৰ্ব্বসাধাৰণ লোকৰ আগত থিয় নহ’ব।
পাছত ইস্ৰায়েলীয়াসকল যেতিয়া শক্তিশালী হৈ উঠিল, তেতিয়া তেওঁলোকে সেই কনানীয়াসকলক তেওঁলোকৰ দাস হৈ কাম কৰিবলৈ বাধ্য কৰালে; কিন্তু তেওঁলোকক একেবাৰে খেদি নিদিলে।