তেওঁলোকৰ খোজ কুকৰ্মৰ ফাললৈ লৰ মাৰে; আৰু তেওঁলোকে ৰক্তপাত কৰিবলৈ খৰধৰ কৰে।
ব’লা এতিয়াই আমি তাক বধ কৰি, কোনো এটা গাতত পেলাই দিওঁ আৰু পাছত আমি ক’ম, কোনো হিংস্র জন্তুৱে তাক খালে। তেতিয়া তাৰ সপোনবোৰ কি হয়, আমি চাম।”
যি সময়ত চৰাইয়ে চাই থাকে; সেই সময়ত চৰাই ধৰিবলৈ জাল পতা বৃথা।
দুষ্টলোকৰ কথাবোৰ ৰক্তপাত কৰিবলৈ খাপ দিয়াৰ দৰে হয়; কিন্তু ন্যায় কৰাসকলৰ কথাই তেওঁলোকক সুৰক্ষিত কৰে।
কাৰণ তেওঁলোকে কুকৰ্ম নকৰালৈকে তেওঁলোকৰ টোপনি নাহে, আৰু তেওঁলোকে কোনো লোকক উজুটি নোখোৱালৈকে তেওঁলোকৰ টোপনি নাহে।
গৰ্ব্ব কৰা চকু, মিছা কথা কোৱা জিভা, নিৰ্দ্দোষীৰ তেজত পতিত হোৱা হাত,
বেয়া পৰিকল্পনা কৰা হৃদয়, বেয়া কৰ্ম কৰিবলৈ বেগাই দৌৰ মৰা ভৰি,
তেওঁলোকৰ ভৰি কুকৰ্মৰ ফাললৈ বেগাই চলে, আৰু তেওঁলোকে নিৰ্দ্দোষীৰ ৰক্তপাত কৰিবলৈ বেগাবেগি কৰে; তেওঁলোকৰ কল্পনাবোৰ অধৰ্মৰ কল্পনাহে; ধ্বংস আৰু উচ্ছন্নতা তেওঁলোকৰ পথত আছে।
কিন্তু আমাৰ অধাৰ্মিকতাই যদি ঈশ্বৰৰ ধাৰ্মিকতা প্ৰকাশ কৰে, তেনেহলে আমি কি ক’ম? ক্ৰোধ সফলকাৰী ঈশ্বৰ অধাৰ্মিক নে? মই সাধাৰণ মানুহৰ যুক্তিৰে কৈছোঁ৷
চৌলে যাঠিৰে দায়ূদক বেৰৰ সৈতে শালিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ চৌলৰ সন্মুখৰ পৰা আতৰি যোৱাত, তেওঁৰ যাঠি বেৰত সোমালে। দায়ুদ পলাই গৈ সেই ৰাতি ৰক্ষা পালে।