যি কোনোৱে অশুচি হৈ থাকি যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ মাংস ভোজন কৰিব, সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
যি জন পুৰুষৰ লিঙ্গগ্ৰ-চৰ্ম্ম ছেদন কৰা নহয়, এনে চুন্নৎ নোহোৱা পুৰুষক নিজ জাতিৰ মাজৰ পৰা বহিস্কাৰ কৰা হ’ব; কাৰণ তেওঁ মোৰ বিধি অমান্য কৰিলে।”
যি কোনোৱে এই তেলৰ দৰে আন সুগন্ধি প্রস্তুত কৰিব, বা যি কোনোৱে গাত তাৰ অলপো লগাব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব’।”
যি কোনোৱে নিজৰ বাবে এইদৰে সুগন্ধি তৈয়াৰ কৰিব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।”
এই হেতুকে তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “তোমালোক সতেজ হৈ মাংস খোৱা, মুৰ্ত্তিবোৰলৈ চকু তোলা আৰু ৰক্তপাত কৰা লোক; তেন্তে তোমালোকে জানো সঁচাকৈ দেশ অধিকাৰ কৰিবা নে?
কিয়নো যি যি লোকে এইবোৰ ঘিণলগীয়া কাৰ্যৰ মাজৰ কোনো কাৰ্য কৰিব, ঘিণলগীয়া কাৰ্য কৰা সেই সকলোকে নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
কিন্তু ভোজন কৰা জনে নিজ অপৰাধৰ ফল ভোগ কৰিব, কিয়নো তেওঁ যিহোৱাৰ পবিত্ৰ বস্তু অপবিত্ৰ কৰিলে, সেই লোক জনক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
ময়ো সেই লোকলৈ কোন্দোৱাকৈ চাই তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম; কাৰণ মোৰ ধৰ্মধাম অশুচি কৰিবলৈ আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিবলৈ, তেওঁ নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰিলে।
কিয়নো যিকোনোৱে সেই দিনা উপবাস নাৰাখে, তেওঁক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
যদি কোনো মঙহ অশুচি বস্তুৰ লগত স্পৰ্শ হয়, তেনেহলে সেই মঙহ খাব পৰা নহ’ব। সেয়া জুইত পুৰি ভস্ম কৰা হ’ব। আন মঙহ হ’লে, প্ৰত্যেক শুচি মানুহে খাব পাৰিব।
কিয়নো যিকোনো পশুৰ পৰা যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰা যায়, সেই পশুৰ তেল যি কোনোৱে খাব, সেই খোৱা জনক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
যি কোনোৱে কোনো ধৰণৰ তেজ খাব, সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব’।”
যি কোনোৱে মৰা মানুহৰ শৱ চুই নিজকে শুচি নকৰিব, তেওঁ যিহোৱাৰ আবাস অশুচি কৰিব; সেই লোকজনক ইস্ৰায়েলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব, কিয়নো তেওঁৰ ওপৰত অশুচিতা নাশক জল নছটিওৱাত তেওঁ অশুচি হ’ল আৰু তেওঁৰ অশুচিতা তেওঁৰ লগতে থাকিব।
কিন্তু মানুহে নিজে নিজৰ পৰীক্ষা কৰি, পাছে সেই পিঠা ভোজন কৰক আৰু সেই পাত্ৰত পান কৰক।
সেইদিনা চৌলে একোকে নক’লে; কাৰণ তেওঁ ভাবিলে, “দায়ূদৰ কিবা হয়তো হৈছে। সি শুচি নহয়, সঁচাকৈ সি শুচি নহয়।”