Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



লেবীয়া 6:26

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যি পুৰোহিতে পাপৰ অৰ্থে তাক উৎসৰ্গ কৰিব, তেৱেঁই তাক ভোজন কৰিব; সাক্ষাৎ কৰা তম্বুৰ চোতালত কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিব।

অধ্যায়টো চাওক কপি কৰক

14 পৰস্পৰ সংযোগসমূহ  

পাছে তেওঁ আবাসৰ আৰু হোমবেদিৰ চাৰিওফালে চোতাল যুগুত কৰিলে; আৰু চোতালৰ দুৱাৰত পৰ্দা লগালে। এইদৰে মোচিয়ে কাৰ্য সমাপ্ত কৰিলে।

তেতিয়া তেওঁ মোক ক’লে, “পৃথক কৰা ঠাইৰ সন্মুখত থকা উত্তৰ আৰু দক্ষিণৰ কোঁঠালিবোৰ পবিত্ৰ কোঁঠালি; যিহোৱাৰ ওচৰত থকা পুৰোহিতসকলে তাত অতি পবিত্ৰ বস্তু ভোজন কৰে; তাত তেওঁলোকে অতি পবিত্ৰ বস্তুবোৰ, ভক্ষ্য নৈবেদ্য, পাপাৰ্থক বলি আৰু দোষাৰ্থক বলি থয়; কিয়নো সেই ঠাই পবিত্ৰ।

তেতিয়া তেওঁ মোক ক’লে, পুৰোহিতসকলে লোকসকলক পবিত্ৰ কৰিবলৈ দোষাৰ্থক বলি, পাপাৰ্থক বলি আৰু ভক্ষ্য নৈবেদ্য বাহিৰ চোতালখনলৈ নিনিবৰ কাৰণে, সেই পাপাৰ্থক ও দোষাৰ্থক বলি সিজোৱা আৰু ভক্ষ্য নৈবেদ্য তাও দিয়া ঠাই এয়ে।”

মোৰ লোকসকলৰ পাপ কার্যত তেওঁলোকে আহাৰ পায়; লোকসকলৰ দুষ্টতাৰ কাৰণে তেওঁলোক লোভী হয়।

ইয়াৰ অৱশিষ্ট ভাগ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে ভোজন কৰিব; খমীৰ নিদিয়াকৈ কোনো পবিত্ৰ ঠাইত সেই ভাগ ভোজন কৰিব।

খমীৰেৰে সৈতে তাক তন্দুৰত তাও দিয়া নহ’ব। মই নিজ অগ্নিকৃত উপহাৰৰ পৰা তেওঁলোকৰ পাবলগীয়া ভাগ বুলি তাক দিলোঁ; পাপাৰ্থক বলি আৰু দোষাৰ্থক বলিৰ দৰে সেয়ে অতি পবিত্ৰ।

পুৰোহিতসকলৰ মাজৰ যিকোনো পুৰুষে ইয়াক ভোজন কৰিব পাৰিব; সেয়ে অতি পবিত্ৰ।

পাপাৰ্থক বলি যেনে, দোষাৰ্থক বলিও তেনে। আৰু দুয়োৰো নিয়ম-নীতি একে। যি পুৰোহিতে তাৰ দ্বাৰাই প্ৰায়শ্চিত্ত কৰিব সেয়ে তেওঁৰ হ’ব।

আপোনালোকে জানে নে, যি সকলে পবিত্ৰ মন্দিৰত সেৱা কৰে, তেওঁলোকে খোৱা বস্তু মন্দিৰৰ পৰা পায় আৰু যি সকলে নিতৌ যজ্ঞবেদিৰ ওপৰত নৈবেদ্য উৎসৰ্গ কৰে, তেওঁলোকে তাৰ ভাগ পায়৷




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন