Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



লেবীয়া 6:20

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

“হাৰোণ অভিষিক্ত হোৱা দিনা তেওঁ আৰু তেওঁৰ পুত্ৰসকলে যিহোৱাৰ উদ্দেশ্যে যি উপহাৰ উৎসৰ্গ কৰিব, সেয়ে এই; তেওঁলোকে নিত্য ভক্ষ্য নৈবেদ্যৰ অৰ্থে, ঐফাৰ দহভাগৰ এভাগ মিহি আটাগুড়ি লৈ ৰাতিপুৱা আধা আৰু গধূলি আধা উৎসৰ্গ কৰিব।

অধ্যায়টো চাওক কপি কৰক

17 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকে দৰ্শন-পিঠা, শষ্য উৎসৰ্গৰ বাবে মিহি আটাগুড়ি, খমিৰ নিদিয়া পিঠা, তাৱাত সেক দিয়া পিঠা, তেলত মিহলোৱা, আৰু সকলো জোখ আৰু পৰিমান চোৱাৰ তত্বাৱধানত আছিল।

এক ওমৰ ঐফাৰ দহ ভাগৰ এভাগ।

খমিৰ নিদিয়া পিঠা, তেল মিহলোৱা খমীৰ নিদিয়া পিঠা, আৰু তেল সনা খমীৰ নিদিয়া পাতল পিঠা ল’বা। সেইবোৰ মিহি আটাগুড়িৰে তৈয়াৰ কৰিবা।

তাৰ ভক্ষ্য নৈবেদ্য ঐফাৰ দহভাগৰ দুভাগ তেল মিহলোৱা মিহি আটা গুৰি; সেয়ে যিহোৱাৰ উদ্দেশ্য সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ হ’ব; আৰু তাৰ পেয় নৈবেদ্য এক হীন দ্ৰাক্ষাৰস চাৰিভাগৰ এভাগ হ’ব।

যদি কোনো এজন লোকে কোনো এক বিষয়ৰ কথা শুনি বা দেখি, সেই বিষয়ে সাক্ষ্য দিব পৰা হৈয়ো তাক প্ৰকাশ নকৰি পাপ কৰে, তেন্তে তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব।

কিন্তু তেওঁ যদি দুটা কপৌ বা দুটা পাৰ পোৱালি আনিবলৈ অসমৰ্থ হয়, তেন্তে তেওঁ নিজে কৰা পাপ কৰ্মৰ বাবে, নিজ উপহাৰ স্বৰূপে ঐফাৰ দহ ভাগৰ এভাগ মিহি আটাগুড়ি, পাপাৰ্থক নৈবেদ্যস্বৰূপে আনিব; তাৰ ওপৰত তেল নিদিব, কিয়নো সেয়ে পাপাৰ্থক নৈবেদ্য।

পাছত তেওঁ নিজৰ সেই বস্ত্ৰ পিন্ধিব আৰু ছাউনিৰ বাহিৰৰ কোনো শুচি ঠাইলৈ সেই ভস্ম লৈ যাব।

পাছত যিহোৱাই মোচিক পুনৰ ক’লে,

নিত্য হোম আৰু পেয় নৈবেদ্যৰ বাহিৰেও প্ৰতি বিশ্ৰাম-বাৰে এই হোম হ’ব।

এই হেতুকে তুমি ইয়াকো তেওঁলোকক কোৱা যে, ‘তোমালোকে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব লগা অগ্নিকৃত উপহাৰ এই, প্ৰতিদিনে নিত্য হোমৰ অৰ্থে দুটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি ল’বা।

আৰু প্ৰদীপৰ অৰ্থে তেল, সুগন্ধি ধূপ, নিত্য ভক্ষ্য নৈবেদ্য, অভিষেকাৰ্থক তেল, হাৰোণ পুৰোহিতৰ পুত্ৰ ইলিয়াজৰৰ জিম্মাত থাকিব। গোটেই আবাস আৰু তাত থকা সকলো পবিত্ৰ স্থান আৰু তাৰ সকলো বস্তু তেওঁৰ জিম্মাত থাকিব।”

প্ৰতিজন ইহুদী মহা-পুৰোহিতক লোক সকলৰ মাজৰ পৰা মনোনীত কৰা হয়। লোক সকলৰ পক্ষ হৈ ঈশ্বৰ বিষয়ক সেৱা কার্যৰ বাবে তেওঁক নিযুক্ত কৰা হয়, যাতে তেওঁ মানুহৰ পাপৰ কাৰণে উপহাৰ আৰু বলিদান উৎসৰ্গ কৰে।

আন মহা-পুৰোহিত সকলৰ নিচিনাকৈ প্রতিদিনে প্রথমে নিজৰ আৰু তাৰ পাছত লোক সকলৰ পাপৰ কাৰণে বলি উৎসর্গ কৰাৰ তেওঁৰ কোনো প্রয়োজন নাই, কাৰণ তেওঁ নিজকে বলিৰূপে উৎসর্গ কৰাৰ দ্বাৰাই এই কাম সকলোৰে কাৰণে এবাৰেই সাধন কৰিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন