তেওঁ নিজে কৰা পাপৰ দণ্ডস্বৰূপে পাপাৰ্থক বলিদানৰ বাবে, জাকৰ পৰা এজনী চেঁউৰী মেৰ-ছাগ বা চেঁউৰী ছাগলী যিহোৱাৰ উদ্দেশ্যে আনিব; আৰু পুৰোহিতে তেওঁৰ পাপৰ কাৰণে তেওঁক প্ৰায়শ্চিত্ত কৰিব।
হোম-বলি, পাপাৰ্থক-বলি আৰু দোষাৰ্থক বলি কাটিবলৈ বাট-চৰাটোৰ বাৰাণ্ডাত ইফালে দুখন সিফালে দুখন মেজ আছিল।
তেতিয়া তেওঁ মোক ক’লে, “পৃথক কৰা ঠাইৰ সন্মুখত থকা উত্তৰ আৰু দক্ষিণৰ কোঁঠালিবোৰ পবিত্ৰ কোঁঠালি; যিহোৱাৰ ওচৰত থকা পুৰোহিতসকলে তাত অতি পবিত্ৰ বস্তু ভোজন কৰে; তাত তেওঁলোকে অতি পবিত্ৰ বস্তুবোৰ, ভক্ষ্য নৈবেদ্য, পাপাৰ্থক বলি আৰু দোষাৰ্থক বলি থয়; কিয়নো সেই ঠাই পবিত্ৰ।
প্ৰভু যিহোৱাই কৈছে, ‘ধৰ্মধামত পৰিচৰ্যা কৰিবলৈ, ধৰ্মধামত ভিতৰ-চোতালখনত তেওঁ সোমোৱা দিনা নিজৰ পাপাৰ্থক বলি উৎসৰ্গ কৰিব।’
তেওঁ সেই দমৰা ষাঁড়-গৰুটোকো এইদৰে কৰিব। পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰা গৰুটো যেনেকৈ কৰে, তেনেকৈ ষাঁড়-গৰুটোকো কৰিব। এইদৰে পুৰোহিত জনে লোকসকলক প্ৰায়শ্চিত্ত কৰিব আৰু তেতিয়া তেওঁলোকৰ পাপ ক্ষমা হ’ব।
তেন্তে নিজে কৰা পাপ যেতিয়া তেওঁৰ জ্ঞাত হ’ব, তেতিয়া নিজে কৰা সেই পাপৰ কাৰণে নিজ উপহাৰ স্বৰূপে তেওঁ জাকৰ মাজৰ পৰা এজনী নিৰ্ঘূণী ছাগলী আনিব।
আৰু মঙ্গলাৰ্থক বলিৰ পৰা তেল এৰুৱাই লোৱাৰ দৰে তাৰো আটাইবোৰ তেল এৰুৱাই ল’ব; তাৰ পাছত পুৰোহিতে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে বেদীৰ ওপৰত তাক দগ্ধ কৰিব; এইদৰে পুৰোহিতে সেই লোক জনৰ পাপৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিব আৰু তেওঁৰ পাপ ক্ষমা হ’ব।
যদি তেওঁ পাপাৰ্থক বলিৰ উপহাৰ স্বৰূপে মেৰ-ছাগ পোৱালি আনে, তেন্তে তেওঁ এজনী নিৰ্ঘূণী চেঁউৰী মেৰ-ছাগ আনিব।
তেওঁ মঙ্গলাৰ্থক বলিৰ মেৰ-ছাগ পোৱালিটোৰ তেল এৰুৱাই লোৱাৰ দৰে ইয়াৰো আটাইবোৰ তেল এৰুৱাই ল’ব আৰু যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰৰ বিধি মতে পুৰোহিতে বেদীত তাক দগ্ধ কৰিব; এইদৰে পুৰোহিতে লোক জনে কৰা পাপৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিব আৰু তেওঁৰ পাপৰ ক্ষমা হ’ব।”
তেওঁ দোষাৰ্থক বলিদানৰ কাৰণে যিহোৱালৈ বলি আনিব আৰু ইয়াক জাকৰ পৰা নিৰূপিত মূল্যৰ এটা নিৰ্ঘূণী মতা মেৰ নিজৰ দোষাৰ্থক বলি স্বৰূপে পুৰোহিতৰ ওচৰলৈ আনিব।
তেওঁ নিজকে পুনৰায় যিহোৱাৰ উদ্দেশ্যে পৃথকে থাকিব লাগিব। তেওঁ দোষাৰ্থক বলিস্বৰূপে এটা এবছৰীয়া মেৰ-ছাগ পোৱালি আনিব। কিয়নো তেওঁ পূৰ্বতে নিজকে অশুচি কৰালে সেই কাৰণে তেওঁ পূৰ্বতে নিজকে যিহোৱাৰ উদ্দেশ্যে পৃথকে থকা দিনবোৰ গণ্য নহ’ব।