তেতিয়া সেই অভিষিক্ত পুৰোহিত জনে দমৰা ষাঁড়-গৰুটোৰ অলপ তেজ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ আনিব।
তেতিয়া তেওঁ সেই দমৰাৰ অলপমান তেজ লৈ, পূবফালে থকা পাপাবৰণত আঙুলিৰে ছঠিয়াব আৰু আঙুলিৰে পাপাবৰণৰ সন্মুখতো সেই তেজৰ কিছু লৈ সাতবাৰ ছটিয়াব।
তেতিয়া তেওঁ লোকসকলৰ পাপাৰ্থক বলিৰ ছাগলীটো কাটি, তাৰ তেজ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আনিব আৰু দমৰাৰ তেজ লৈ যেনেকৈ কৰিছিল, তেনেকৈ ইয়াৰ তেজকো কৰিব, অৰ্থাৎ পাপাবৰণত আৰু পাপাবৰণৰ সন্মূখত তাক ছটিয়াব।
আৰু তেওঁ নিজ আঙুলিৰে তেজৰ কিছু লৈ তাৰ ওপৰত সাতবাৰ ছটিয়াই তাক শুচি কৰিব আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলো প্ৰকাৰৰ অশৌচৰ পৰা শুচি কৰি তাক পবিত্ৰ কৰিব।
তেতিয়া লোকসকলক দোষত পেলোৱাকৈ পাপ কৰা জন যদি অভিষিক্ত পুৰোহিত হয়, তেন্তে তেওঁ নিজে কৰা পাপৰ কাৰণে, যিহোৱাৰ উদ্দেশ্যে এটা নিঘূণ দমৰা ষাঁড়-গৰু পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰিব।
পুৰোহিতে দিয়া প্ৰত্যেক ভক্ষ্য নৈবেদ্য সম্পূৰ্ণৰূপে দগ্ধ কৰিব লাগিব, তাৰ একোকে খাব নালাগিব।”
তেতিয়া ইলিয়াজৰ পুৰোহিতে নিজ আঙুলিৰে তাৰ কিছু তেজ লৈ, সাক্ষাৎ কৰা তম্বুৰ আগলৈ সাত বাৰ ছটিয়াব;
কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমিও যদি পোহৰত চলোঁ, তেনেহলে পৰস্পৰ মাজত আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ, যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে।