আৰু যদি সেই মাটি পবিত্ৰ কৰাজনে কোনো ৰূপে তাক মুকলি কৰিব খোজে তেন্তে তেওঁ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব, তাতে সেইয়ে তেওঁৰ নিজৰ হ’ব।
গৰাকীয়ে যদি কোনো ৰূপে তাক মুকলি কৰিব খোজে, তেন্তে তেওঁ তোমাৰ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব।
আৰু যদি কোনো লোকে তেওঁৰ ঘৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হবলৈ ইচ্ছা কৰে, তেন্তে সেই ঘৰ ভাল বেয়া বিবেচনা কৰি পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব। পুৰোহিতে নিৰূপণ কৰাৰ দৰে তাৰ মূল্য স্থিৰ হ’ব।
আৰু যদি তেওঁ যোৱেল বছৰৰ কিছু কালৰ পাছত নিজৰ মাটি পবিত্ৰ কৰে, তেন্তে পুৰোহিতে যোৱেল বছৰলৈকে বাকী থকা বছৰৰ সংখ্যা অনুসাৰে তালৈ হিচাপ কৰিব আৰু নিৰূপিত মূল্য কম কৰা হ’ব।
কিন্তু যদি তেওঁ সেই মাটি মুকলি নকৰে বা যদি আন কোনোজনক বেচি দিয়ে, তেন্তে তাক আৰু মোকলোৱা নাযাব।