অঙ্গ ভঙাৰ সলনি অঙ্গ ভঙা, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত। যিদৰে তেওঁ আন জনক আঘাত কৰিলে, তেওঁলৈকো তেনেই কৰা হ’ব।
আৰু যদি কোনোৱে তেওঁৰ ওচৰ-চুবুৰীয়াক আঘাত কৰে, তেন্তে তেওঁ যেনে কৰিলে, তেওঁলৈকো তেনে কৰা যাব;
তোমালোকে ‘চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত’ এই যি কথা কোৱা হৈছিল, সেই বিষয়ে শুনিছা।
আপোনালোকে তেওঁৰ প্রতি কোনো দয়া নেদেখুৱাব; প্ৰাণৰ সলনি প্ৰাণ, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, হাতৰ সলনি হাত, ভৰিৰ সলনি ভৰি ল’ব।
তাতে অদুনী-বেজকে ক’লে, “মই সত্তৰজন ৰজাৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলাইছিলোঁ। তেওঁলোকে মোৰ মেজৰ তলত পৰা আহাৰ বুটলি খাইছিল। মই তেওঁলোকৰ প্রতি যেনে কার্য কৰিলোঁ, ঈশ্বৰেও মোলৈ তেনে কৰিলে।” পাছত তেওঁলোকে অদুনী-বেজকক যিৰূচালেমলৈ আনিলে আৰু তেওঁৰ সেই ঠাইতে মৃত্যু হ’ল।