Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



লেবীয়া 23:41

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু তোমালোকে বছৰে বছৰে সাতদিন যিহোৱাৰ উদ্দেশ্যে সেই উৎসৱ পালন কৰিবা; এইয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি; সপ্তম মাহত তোমালোকে সেই উৎসৱ পালন কৰিবা।

অধ্যায়টো চাওক কপি কৰক

5 পৰস্পৰ সংযোগসমূহ  

ইজ্ৰাই প্ৰথম দিনৰে পৰা শেষৰ দিনলৈকে প্ৰতি দিনে ঈশ্বৰৰ ব্যৱস্থা পুস্তক পাঠ কৰিলে। তেওঁলোকে সাত দিন পৰ্ব্ব পালন কৰিলে; আৰু বিধি অনুসাৰে অষ্টম দিনা ধৰ্ম-সভা পালন কৰিলে।

আৰু তোমালোকে নিজ ঈশ্বৰৰ উদ্দেশ্যে এই উপহাৰ ননা দিনলৈকে; পিঠা বা ভজা শস্য বা ছিঙা নতুন চেঁই ভোজন নকৰিবা; তোমালোকে থকা আটাই ঠাইতে এইয়া পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰকলীয়া বিধি।

আৰু প্ৰথম দিনা তোমালোকে শুৱনি গছৰ গুটি, খাজুৰ গছৰ পাত, ঘন পতীয়া গছৰ ডাল আৰু জুৰিৰ পাৰত থকা বাইচি গছ লৈ তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত সাতদিন আনন্দ কৰিবা।

তোমালোকে সাতদিন সৰু পঁজাত বাস কৰিবা। ইস্ৰায়েল বংশত ওপজা সকলোৱে সাত দিন সৰু পঁজাত বাস কৰিব;

আৰু সপ্তম মাহৰ পঞ্চদশ দিনা যিহোৱাৰ সন্মানৰ উদ্দেশ্যে তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো দৈনন্দিন ব্যৱসায় কৰ্ম নকৰিবা আৰু তোমালোকে সাত দিনলৈকে যিহোৱাৰ উদ্দেশ্যে উৎসৱ পালন কৰিবা।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন