যিহোৱাই মোচিক ক’লে, বোলে,
এইদৰে মোচিয়ে হাৰোণক, তেওঁৰ পুত্ৰসকলক আৰু ইস্ৰায়েলৰ আটাই সন্তানসকলক এই কথাবোৰ ক’লে।
“ইস্ৰায়েলৰ সন্তানসকলে মোৰ উদ্দেশ্যে যি বস্তু পবিত্ৰ কৰে, তাৰ পৰা যেন নিজকে পৃথকে ৰাখে আৰু মোৰ পবিত্ৰ নাম যেন অপবিত্ৰ নকৰে, এনে আজ্ঞা তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দিয়া। মই যিহোৱা।
“যদি কোনোৱে যিহোৱাৰ পবিত্ৰ বস্তুৰ কোনো এটা বস্তু ৰাখি, আজ্ঞা লংঘন কৰি নজনাকৈ পাপ কৰে, তেন্তে তেওঁ জাকৰ পৰা, পবিত্ৰ-স্থানৰ চেকল অনুসাৰে যিহোৱাই নিৰূপণ কৰাৰ দৰে, অতি কমেও দুই চেকল দামৰ এটা নিৰ্ঘূণী মতা মেৰ দোষাৰ্থক বলি স্বৰূপে যিহোৱাৰ উদ্দেশ্যে আনিব লাগিব।
আৰু এইবোৰ তোমাৰ হ’ব: অৰ্থাৎ ইস্ৰায়েলৰ সন্তান সকলে দান দিয়া সকলো উত্তোলনীয় নৈবেদ্য আৰু তেওঁলোকৰ সকলো দোলনীয় নৈবেদ্য; চিৰকালৰ অধিকাৰৰ অৰ্থে মই তোমাৰ আৰু তোমাৰে সৈতে তোমাৰ পো-জীসকলক সেইবোৰ দিলোঁ; তোমাৰ বংশৰ সকলো শুচি লোকে সেইবোৰ ভোজন কৰিব পাৰিব।