Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



লেবীয়া 21:17

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

“তুমি হাৰোণক কোৱা, পুৰুষানুক্ৰমে তোমাৰ বংশৰ মাজত যিজনৰ গাত ঘুণ থাকিব, তেওঁ নিজ ঈশ্বৰৰ ‘ভক্ষ্য’ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব।

অধ্যায়টো চাওক কপি কৰক

12 পৰস্পৰ সংযোগসমূহ  

ধন্য সেই লোক, যি লোকক তুমি বাচি লৈ নিজৰ কাষলৈ আনা; তেওঁ তোমাৰ চোতাল কেইখনত বাস কৰিব, আমি তোমাৰ গৃহত, তোমাৰ মন্দিৰৰ পবিত্ৰ-স্থানত সন্তুষ্ট হ’ম।

তেতিয়া মোচিয়ে হাৰোণক ক’লে, “যিহোৱাই ইয়াকে কৈছিল, বোলে, ‘যি সকলে মোৰ কাষ চাপিব, তেওঁলোকৰ মাজত মোৰ পবিত্ৰতা প্রকাশ কৰিম। আৰু সকলো লোকৰ সাক্ষাতে মই গৌৰৱান্বিত হ’ম।” হাৰোণ হতভম্ব হৈ নিজমে থাকিল।

যিহোৱাই মোচিক আৰু ক’লে, বোলে,

আদি কৰি কোনো ঘুণ থকা যি পুৰুষ হাৰোণ পুৰোহিতৰ বংশৰ মাজত থাকিব, তেওঁ যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব। তেওঁৰ ঘুণ আছে; তেওঁ নিজ ঈশ্বৰৰ ‘ভক্ষ্য’ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব।

তেওঁলোক তেওঁলোকৰ ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰ হ’ব, নিজৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিব। কিয়নো তেওঁলোকে যিহোৱাৰ অগ্নিকৃত উপহাৰ, নিজৰ ঈশ্বৰৰ “ভক্ষ্য” উৎসৰ্গ কৰে, এই হেতুকে তেওঁলোক পবিত্ৰ হ’ব লাগে।

তেতিয়া পুৰোহিতে তাক বেদীত দগ্ধ কৰিব। সেয়ে যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ স্বৰূপ ভক্ষ্য নৈবেদ্য।

তেতিয়া পুৰোহিতে বেদীৰ ওপৰত সেই সকলোকে দগ্ধ কৰিব; সেয়ে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ স্বৰূপ ভক্ষ্য দ্ৰব্য; সকলো তেল যিহোৱাৰ উদ্দেশ্যে হ’ব।

আৰু তেওঁ কোৰহক আৰু তেওঁৰ গোটেই দলটোক ক’লে, “যিহোৱাৰ লোক কোন আৰু কোন পবিত্ৰ, যিহোৱাই তাক ৰাতিপুৱাই জনাব আৰু তাক নিজৰ ওচৰ চপাব; তেওঁ যিজনক মনোনীত কৰিব, তেওঁকেই নিজৰ ওচৰ চপাব।

আপোনালোকৰ দৰে বিশ্বাসী সকলৰ মাজত আমি কেনে পবিত্ৰ, ধাৰ্মিক, আৰু নিৰ্দোষ আচৰণকাৰী আছিলোঁ, তাৰ সাক্ষী আপোনালোক আছিল আৰু ঈশ্বৰো আছে।

এতেকে অধ্যক্ষ নিৰ্দোষী, এজনী তিৰোতাৰ স্বামী, পৰিমিত ভোগী, বিবেচক, পৰিপাটি, অতিথি সেৱক, শিক্ষা দিয়াত নিপুন

এনেকুৱা নিষ্পাপ, শুদ্ধ, পবিত্ৰ, পাপী সকলৰ পৰা পৃথক হোৱা এজন মহা-পুৰোহিত আমাৰ বাবে প্রয়োজন আছিল। আকাশ-মণ্ডলৰ উর্দ্ধতো তেওঁক তুলি নিয়া হৈছিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন