তাৰ পাছত তুমি তাৰ ওপৰত তেল আৰু ধূপ-ধূনা দিবা; সেয়ে ভক্ষ্য নৈবেদ্য।
খমিৰ নিদিয়া পিঠা, তেল মিহলোৱা খমীৰ নিদিয়া পিঠা, আৰু তেল সনা খমীৰ নিদিয়া পাতল পিঠা ল’বা। সেইবোৰ মিহি আটাগুড়িৰে তৈয়াৰ কৰিবা।
যিহোৱাই মোচিক ক’লে, “তুমি নিজৰ বাবে সুগন্ধি দ্ৰব্য, অৰ্থাৎ নাটাফ, নখী, হেল্বনা, এই সকলো সুগন্ধি দ্ৰব্যৰ, আৰু নিৰ্মল কুন্দুৰুৰ প্ৰতিটো সমান পৰিমাণে লোৱা।
যেতিয়া কোনো লোক এজনে যিহোৱাৰ উদ্দেশ্যে ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰে, তেতিয়া তেওঁৰ উপহাৰ মিহি আটাগুড়ি হ’ব; আৰু তেওঁ তাত তেল ঢালি তাৰ ওপৰত ধূপ-ধূনা দিব।
তুমি যদি যিহোৱাৰ উদ্দেশ্যে শস্যৰ প্ৰথম ফলৰ নৈবেদ্য স্বৰূপে জুইত পোৰা থোক, অৰ্থাৎ মোহাৰি উলিওৱা শস্যৰ নতুন গুটি উৎসৰ্গ কৰিবা।
পাছত পুৰোহিতে তাৰ স্মৰণাৰ্থক অংশ বুলি কিছু মোহৰা শস্য, কিছু তেল আৰু আটাইখিনি ধূপ-ধূনা দগ্ধ কৰিব; সেয়ে যিহোৱাৰ উদ্দেশ্যে অগ্নিতকৃত উপহাৰ।
কিন্তু তেওঁ যদি দুটা কপৌ বা দুটা পাৰ পোৱালি আনিবলৈ অসমৰ্থ হয়, তেন্তে তেওঁ নিজে কৰা পাপ কৰ্মৰ বাবে, নিজ উপহাৰ স্বৰূপে ঐফাৰ দহ ভাগৰ এভাগ মিহি আটাগুড়ি, পাপাৰ্থক নৈবেদ্যস্বৰূপে আনিব; তাৰ ওপৰত তেল নিদিব, কিয়নো সেয়ে পাপাৰ্থক নৈবেদ্য।
তেতিয়া যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰা লোকে হোম-বলি আৰু আন বলিৰ অৰ্থে দিয়া প্ৰত্যেক মেৰে সৈতে, হীনৰ চাৰিভাগৰ এভাগ এভাগ তেল মিহলোৱা মিহি আটাগুড়িৰ দহ ভাগৰ এভাগ ভক্ষ্য নৈবেদ্য আনিব।