Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



লেবীয়া 16:8

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া হাৰোণে সেই দুটা ছাগলীৰ বিষয়ে চিঠি খেলিব; এটা গুটি যিহোৱাৰ বাবে, আনটো অজাজেলৰ বাবে হ’ব।

অধ্যায়টো চাওক কপি কৰক

12 পৰস্পৰ সংযোগসমূহ  

চিঠি-খেলৰ গুটি কোঁচত পৰে, কিন্তু সিদ্ধান্ত যিহোৱাৰ পৰা হয়।

প্ৰভু যিহোৱাই কৈছে, আধিপত্যৰ অৰ্থে ইস্ৰায়েলৰ ফৈদবোৰ কাৰণে তোমালোকে চিঠি-খেলৰে ভাগ বাঁটিব লগা দেশ এয়ে, আৰু এইবোৰেই তেওঁলোকৰ অংশ।

কিন্তু যি ছাগলীৰ অৰ্থে অজাজেলৰ নামত গুটি উঠিব, তাক অজাজেললৈ অৰ্থাৎ ভিতৰলৈ পঠিয়াবৰ কাৰণে, তাৰ প্ৰায়শ্চিত্ত কৰিবলৈ যিহোৱাৰ সন্মূখত তাক জীয়াই উপস্থিত কৰিব লাগিব।

আৰু যিজনে অজাজেলৰ কাৰণে ছাগলীটো এৰি দিব, তেওঁ নিজ বস্ত্ৰ আৰু গা ধুব আৰু তাৰ পাছত ছাউনিত সোমাব পাৰিব।

তেতিয়া তেওঁ নিশ্চয়কৈ ছাগলী দুটা ল’ব আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত যিহোৱাৰ আগত উপস্থিত হ’ব।

তেতিয়া যি ছাগলী যিহোৱাৰ নামত উঠিব, হাৰোণে সেই ছাগলীটো লৈ পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰিব।

তাৰ পাছত তেওঁলোকে এজনে আন জনক ক’লে, “আমালৈ ঘটা এই অমঙ্গলৰ কাৰণে দোষী কোন, সেই বিষয়ে জানিবৰ বাবে আহাঁ আমি চিঠি খেলোহঁক।” এইবুলি তেওঁলোকে চিঠি খেলোতে, যোনাৰ নাম উঠিল।

কিন্তু চিঠি খেলৰ দ্ৱাৰাই দেশ ভাগ কৰা হ’ব; নিজ নিজ পিতৃ বংশৰ নাম অনুসাৰে তেওঁলোকে উত্তৰাধীকাৰ পাব।

আৰু তোমালোকে চিঠি-খেলেৰে নিজ নিজ গোষ্ঠী অনুসাৰে দেশ অধিকাৰ কৰি ল’বা; অধিকক অধিক উত্তৰাধীকাৰ আৰু তাকৰক কম উত্তৰাধীকাৰ দিবা; আৰু যাৰ ভাগ যি ঠাইত পৰে, তাৰ ভাগ সেই ঠাইতে হ’ব; তোমালোকে নিজ নিজ পিতৃ-বংশ অনুসাৰে তাক অধিকাৰ কৰি ল’বা।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন