যেতিয়া কোনো মহিলাৰ ঋতুস্রাৱ হয়, তেতিয়া সাত দিনলৈ তেওঁ অশুচি হৈ থাকিব আৰু যিজনে তাইক চুব, সি সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
চিয়োনে সহায়ৰ বাবে বহলকৈ হাত মেলিছে; তাইক শান্তনা দিবলৈ কোনো নাই। যাকোবৰ চাৰিওফালে থকা লোকসকলক, তাইৰ শত্ৰু হ’বলৈ যিহোৱাই আজ্ঞা দিছে। তেওঁলোকৰ মাজত যিৰূচালেম অশুচি বস্তু যেন হ’ল।
“হে মনুষ্য সন্তান, ইস্ৰায়েল বংশই যেতিয়া নিজ দেশত বসতি কৰিছিল, তেতিয়া তেওঁলোকে নিজৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্যেৰে তাক অশুচি কৰিছিল; মোৰ আগত তেওঁলোকৰ আচাৰ-ব্যৱহাৰ, ঋতুস্নান হোৱা স্ত্রীৰ অশৌচৰ দৰে আছিল।
“তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা বোলে, ‘কোনো এগৰাকী মহিলাই প্ৰসৱ কৰিলে, যদি তাইৰ ল’ৰা হয়, তেতিয়া তাই সাতদিন অশুচি হৈ থাকিব; তাইৰ মাহেকীয়া অশৌচৰ কালৰ দৰেই অশুচিতাৰ দৰেই তাই অশুচি হৈ থাকিব।
আৰু সেই মহিলা গৰাকীৰ ৰক্তস্ৰাৱৰ পৰা শুচি হ’বৰ অৰ্থে তাই তেত্ৰিশ দিন ৰখিব লাগিব; ৰক্তস্ৰাৱৰ অৱস্থাৰ পৰা শুচি নোহোৱালৈ তাই কোনো পবিত্ৰ বস্তু নুচুব আৰু ধৰ্মধামত নোসোমাব।
আৰু সেই অশৌচৰ কালত তেওঁ য’ত শুব, সেই ঠাইও অশুচি হ’ব; আৰু য’ত তেওঁ বহিব, সেইবোৰো অশুচি হ’ব।
যদি কোনোবাই মাহেকীয়া অশৌচ হোৱা মহিলাৰে সৈতে যৌন সম্পৰ্ক স্থাপন কৰে, তাইৰ উলঙ্গতা প্ৰকাশ কৰে, তেন্তে সেই পুৰুষে তাইৰ ভুমুক অনাবৃত কৰাত আৰু সেই মহিলায়ো নিজৰ তেজৰ ভুমুক অনাবৃত কৰাত, তেওঁলোক দুয়ো নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন হ’ব।
বা বস্তুৰ দ্বাৰাই মানুহ অশুচি হ’ব পৰা এনে বগাই ফুৰা জন্তু বা যিকোনো প্ৰকাৰ অশৌচ মানুহৰ পৰা লাগিব পৰা অৱস্থা, এনে অশৌচ থকা মানুহক যদি চুব,
কিয়নো মানুহৰ মনৰ পৰাই সকলো কুচিন্তা, নৰ-বধ, ব্যভিচাৰ, যৌনপাপ, চুৰি, মিছা সাক্ষ্য আৰু নিন্দা এইবোৰ ওলায়।
আৰু সেই সময়ত তাতে বাৰ বছৰ ধৰি তেজ যোৱা ৰোগ ভোগ কৰি থকা তিৰোতা এজনী আছিল৷