তেন্তে সেই ঘাৰ কাষৰ চৰিওফালে থকা চুলি খুৰুউৱা হ’ব, কিন্তু ঘা থকা ঠাইডোখৰ নুখুৰাব; তেতিয়া পুৰোহিতে সেই খজুৱা ঘা থকা লোকজনক আৰু সাতদিন আতৰ কৰি ৰাখিব।
পুৰোহিতে সেই ঘা চাব; সেয়ে যদি ছালতকৈ দ যেন বোধ হয়, আৰু তাত হালধীয়া মিহি নোম থাকে তেন্তে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে খজুৱা ৰোগ; মূৰৰ চুলি বা দাড়ি সৰা কুষ্ঠ ৰোগ।
পাছত পুৰোহিতে সপ্তম দিনা সেই ঘা চাব; যদি সেই ঘা বিয়পি যোৱা নাই, আৰু তাত হালধীয়া নোম নাই, আৰু ছালতকৈ ঘাৰ ছাল দ যেন বোধ নহয়,
পাছত সপ্তমদিনা পুৰোহিতে সেই ঘা চাব; তাতে, যদি সেই ঘা ছালত ব্যাপি যোৱা নাই, আৰু ছালতকৈ দ যেন বোধ নহয়, তেন্তে পুৰোহিতে তেওঁক শুচি বুলি ক’ব; পাছত সেই লোকজনে নিজ বস্ত্ৰ ধুই শুচি হ’ব।
আৰু যদি তেওঁৰ সেই জিলিকা দাগ ঘাৰ ছালত বগা হয়, কিন্তু ছালতকৈ দ যেন বোধ নহয়, আৰু তেওঁৰ ঘাৰ নোম বগা হৈ যোৱা নাই, তেতিয়া সেই ঘা হোৱা লোক জনক পুৰোহিতে সাতদিন আতৰ কৰি ৰাখিব।