Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



লেবীয়া 11:35

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু এন্দুৰেই হওঁক বা চুলাই হওঁক, যিকোনো বস্তুৰ ওপৰত সেইবোৰৰ শৱ পৰিব, সেয়ে অশুচি হ’ব; তাক ভাঙি পেলাব লাগিব; সেইবোৰ অশুচি, তোমালোকৰ পক্ষে সেইবোৰ অশুচি হৈ থাকিব।

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

চাৰণভুমিৰ দৰে সি পৰ্ব্বতমালাত ঘূৰি ফুৰে; সি খাবৰ বাবে সকলো বিধৰ কেঁচা বৰণীয়া বন বিচাৰি ফুৰে।

আৰু কোনো মাটিৰ পাত্ৰৰ ভিতৰত সেইবোৰৰ শৱ পৰিলে, তাৰ ভিতৰত থকা সকলো বস্তু অশুচি হ’ব আৰু তোমালোকে তাক ভাঙি পেলাবা।

তাৰ ভিতৰত থকা পানী দি সিজোৱা সকলো খোৱা বস্তু অশুচি হ’ব আৰু তেনেকুৱা সকলো পাত্ৰত থকা সকলো প্ৰকাৰ পেয় দ্ৰব্য অশুচি হ’ব।

তথাপি ভুমুক বা যি নাদত অনেক পানী জমা হৈ থাকে, সেয়ে শুচি হব; কিন্তু যি জনে সেইবোৰৰ মৰা শৱ চুব, তেওঁ অশুচি হ’ব।

এই কাৰণে যি বস্ত্ৰত, বা নোমৰ যি শণ বা যি দীঘ সুতাত বা বাণী সুতাত, বা ছালেৰে সজা যি বস্ত্ৰত সেই দাগ হয়, তাক পুৰি ভস্ম কৰিব; কিয়নো সেয়ে সংহাৰক কুষ্ঠ; তাক সম্পূৰ্ণৰূপে জুইত পুৰি ভস্ম কৰা হ’ব।

আৰু সেই ৰোগীয়ে যি কোনো মাটিৰ পাত্ৰ চুব, তাক ভাঙি পেলাব লাগিব আৰু সকলো কাঠৰ পাত্ৰ পানীত ধুব লাগিব।

কিন্তু যি মাটিৰ পাত্ৰত তাক সিজোৱা হ’ব, তাক ভাঙি পেলাব লাগিব; যদি পিতলৰ পাত্ৰত তাক সিজোৱা হয়, তেন্তে তাক ভালদৰে মাজি পানীত ধুই পৰিষ্কাৰ কৰিব লাগিব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন