ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিবলৈ আৰু অসুস্থ লোক সকলক সুস্থ কৰিবলৈ তেওঁলোকক পঠিয়ালে৷
এই বাৰ জনক যীচুৱে এই আদেশ দি পঠালে, “তোমালোকে অনা-ইহুদী সকলৰ কোনো ঠাইলৈ নাযাবা আৰু চমৰীয়া সকলৰ কোনো নগৰত নোসোমাবা।
যেতিয়া কোনোৱে ঈশ্বৰৰ ৰাজ্যৰ কথা শুনিও নুবুজে, তেতিয়া দুষ্ট-আত্মাই অৰ্থাৎ চয়তানে আহি, তেওঁৰ হৃদয়ত যিবোৰ সিঁচা হ’ল, সেইবোৰ কাঢ়ি নিয়ে; এই জন লোক বাটৰ কাষত পৰা কঠিয়া স্বৰূপ।
সকলো জাতিৰ আগত সাক্ষ্য হবৰ বাবে স্বৰ্গৰাজ্যৰ এই শুভবাৰ্তা যেতিয়া গোটেই জগতত ঘোষণা কৰা হ’ব; তেতিয়াহে শেষ সময় উপস্থিত হ’ব।
তেওঁ ক’লে, “মন-পালটন কৰক। কিয়নো স্বৰ্গৰাজ্য ওচৰ হ’ল।”
আৰু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্রচাৰ কৰা।
পাছত তেওঁলোকে ওলাই গৈ মানুহবোৰক মন-পালটন কৰিবলৈ প্রচাৰ কৰিলে;
এইবোৰ কথা কোৱাৰ পাছত প্ৰভু যীচুৱে আন সত্তৰ জনক নিযুক্তি কৰিলে৷ তাৰ পাছত তেওঁ নিজে যি যি নগৰ আৰু ঠাইত যাব বিচাৰিছিল, সেইবোৰ ঠাইলৈ দুজন দুজনকৈ পঠিয়াই দিলে।
তোমালোকৰ নগৰৰ যি ধুলি আমাৰ ভৰিত লাগি আছে সেই ধুলিও তোমালোকৰ বিৰুদ্ধে জোকাৰি পেলালো, তথাপি এই কথা জানি লোৱা যে ‘ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে৷’
সেই ঠাইত থকা ৰোগী সকলক সুস্থ কৰিবা আৰু ‘ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে’ বুলি তেওঁলোকক ক’বা।
যোহন অহালৈকে বিধান আৰু ভাববাদী সকলৰ বাক্য আছিল; তেতিয়াৰ পৰা ঈশ্বৰৰ ৰাজ্যৰ শুভবার্তা ঘোষণা কৰা হৈছে, প্ৰতিজনে অতি আগ্ৰহেৰে সেই ৰাজ্যত প্ৰৱেশ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে৷
কিন্তু লোক সকলে সেই কথা জানি, তেওঁৰ পাছে পাছে গ’ল৷ তেতিয়া যীচুৱেও তেওঁলোকক আনন্দেৰে গ্ৰহণ কৰি, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিলে আৰু যি সকল লোকৰ সুস্থ হবলৈ প্ৰয়োজন আছিল, তেওঁলোকক সুস্থ কৰিলে।