Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



লূক 7:38

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তাৰ পাছত তেওঁ যীচুৰ পাছফালে চৰণৰ ওচৰত থিয় হৈ কান্দি কান্দি চকুলোৰে তেওঁৰ চৰণ তিয়াই মুৰৰ চুলিৰে মচিলে আৰু তেওঁৰ চৰণত চুমা খাই, সুগন্ধি তেল সানিলে।

অধ্যায়টো চাওক কপি কৰক

25 পৰস্পৰ সংযোগসমূহ  

মই অলপ পানী আনি দিওঁ, আপোনালোকে ভৰি ধুই লওঁক আৰু গছজোপাৰ তলতে বিশ্ৰাম লওঁক।

এইদৰে ঈশ্বৰৰ গৃহৰ আগত ইজ্ৰাই চকুলোৰে প্ৰাৰ্থনা কৰি পাপ স্বীকাৰ কৰিলে। ইস্ৰায়েলৰ সমবেত হোৱা পুৰুষ, মহিলা, সন্তান সকল আহি তেওঁৰ ওচৰত গোট খালে, কাৰণ লোকসকলে অতিশয়ৰূপে ক্ৰন্দন কৰিছিল।

মোৰ অপৰাধ মই স্বীকাৰ কৰিছোঁ; মোৰ পাপৰ কাৰণে মই দুঃখিত হৈছোঁ।

ভগ্ন মন ঈশ্বৰৰ গ্ৰহণীয় বলি, ইয়াক দিয়া; হে ঈশ্বৰ, ভগ্ন আৰু অনুতাপী মনক তুমি অগ্ৰাহ্য নকৰিবা।

সকলো সময়তে বস্ত্ৰ বগা বস্ত্র পিন্ধি আৰু মূৰত তেল দি আনন্দ প্রকাশ কৰিবা।

তোমাৰ তেলৰ সুগন্ধই আনন্দৰ সৌৰভ আনে; বাকি দিয়া সুগন্ধৰ দৰেই তোমাৰ নাম; সেই বাবেই যুৱতীসকলে তোমাক ভাল পায়।

তুমি তেলেৰে সৈতে মলেক নামৰ দেৱতাৰ ওচৰলৈ গ’লা; আৰু তুমি সুগন্ধি দ্ৰব্য অধিক কৰিলা, তুমি তোমাৰ ৰাজদূতক বহু দূৰলৈ পঠালা, আৰু চিয়োললৈকে নিজকে অৱনত কৰিলা;

চিয়োনত শোক কৰা সকলৰ বাবে ঠাই প্রস্তুত কৰিবলৈ, ছাঁইৰ সলনি পাগুৰি, শোকৰ সলনি আনন্দৰ তেল, আৰু দুৰ্ব্বল আত্মাৰ সলনি প্ৰশংসাৰ আত্মা দান কৰিবলৈ, তেওঁলোকক ধাৰ্মিকতাৰ গছ, আৰু যিহোৱাৰ গৌৰৱৰ অৰ্থে তেৱেঁ পতা উদ্যান বুলি প্ৰখ্যাত হ’ব।

তেওঁলোকে ক্ৰন্দন কৰি আহিব; আৰু তেওঁলোকে বিনয় কৰি থকা অৱস্থাত মই তেওঁলোকক চলাম। মই তেওঁলোকক জুৰিৰ ওচৰেদি গমন কৰাম যি পোন বাটত তেওঁলোকে যেন উজুটি নাখাই, কিয়নো মই ইস্ৰায়েলৰ পিতৃ, আৰু ইফ্ৰয়িম মোৰ জেষ্ট পুত্ৰ।”

যিহোৱাই কৈছে, “তথাপি এতিয়াও”, “তোমালোকৰ সমস্ত মনেৰে সৈতে মোলৈ ঘূৰা। লঘোন, ক্ৰন্দন আৰু শোক কৰা।”

আৰু দায়ূদ-বংশৰ আৰু যিৰূচালেম নিবাসীসকলৰ ওপৰত মই অনুগ্ৰহ আৰু মিনতিৰ কাৰণে আত্মা বাকি দিম; তেতিয়া তেওঁলোকে মোক যি দৰে বিন্ধিছিল, সেই বিষয়ে তেওঁলোকে চাব। একেটি পুত্ৰৰ কাৰণে বিলাপ কৰা নিচিনাকৈ তেওঁলোকে তেওঁৰ কাৰণে বিলাপ কৰিব আৰু প্ৰথমে জন্মা পুত্ৰৰ বিয়োগত মানুহে বেজাৰ পোৱাৰ দৰে তেওঁলোকে তেওঁৰ কাৰণে মনত বেজাৰ পাব।

শোক কৰা সকল ধন্য; কিয়নো তেওঁলোকে সান্ত্বনা পাব।

সেই কথা সুঁৱৰি তেওঁ বাহিৰলৈ গৈ, অতি শোকেৰে কান্দিবলৈ ধৰিলে।

ধন্য তোমালোক, যি জন এতিয়া ভোকাতুৰ, কিয়নো তোমালোক তৃপ্ত হ’বা। ধন্য তোমালোক, যি সকলে এতিয়া কান্দি আছা, কিয়নো তোমালোকে হাঁহিবা।

সেই সময়ত নগৰত থকা এজনী পাতকী তিৰোতাই ফৰীচীৰ ঘৰত তেওঁ ভোজনত বহি থকা বুলি জানিবলৈ পায়, সুগন্ধি তেলেৰে ভৰা এটা স্ফটিকৰ বটল আনিলে;

তেওঁক নিমন্ত্ৰণ কৰা ফৰীচীয়ে ইয়াকে দেখি নিজৰ মনতে ক’লে, ‘এওঁ ভাববাদী হোৱা হলে, এওঁক স্পৰ্শ কৰা এইজনী তিৰোতা কোন আৰু এওঁ কেনে তিৰোতা, অৰ্থাৎ তেওঁ যে পাতকী, ইয়াক তেওঁ জানিলেহেঁতেন’।

এওঁ সেই জনী মৰিয়ম, যি গৰাকীয়ে পাছত প্রভুৰ ওপৰত বহুমূল্য সুগন্ধি তেল ঢালি নিজৰ চুলিৰে প্রভুৰ চৰণ মচি মচি সানি দিছিল। তেওঁৰে ভায়েক এই লাজাৰ অসুস্থ আছিল।

বিলাপ, শোক আৰু ক্ৰন্দন কৰক; আপোনালোকৰ হাঁহি শোক হৈ যাওঁক, আৰু আপোনালোকৰ আনন্দ বিষাদ হৈ যাওঁক।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন