Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



লূক 5:5

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

চিমোনে উত্তৰ দি ক’লে, “হে মহাশয়, আমি ওৰে ৰাতি পৰিশ্ৰম কৰি একো নাপালোঁ; তথাপি আপোনাৰ কথাত মই জাল পেলাম।”

অধ্যায়টো চাওক কপি কৰক

14 পৰস্পৰ সংযোগসমূহ  

তাৰ পাৰত মাছমৰীয়াসকল থিয় হ’ব আৰু অয়িন-গদীৰ পৰা অয়িন-ইগ্লয়িমলৈকে জাল মেলি দিয়া ঠাই হ’ব; তেওঁলোকৰ মাছ মহাসমূদ্ৰৰ মাছৰ দৰে নানা বিধৰ অসংখ্য মাছ হ’ব।

বৰ মাতেৰে ক’লে, “হে যীচু, মহাশয়, আমাক দয়া কৰক।”

তেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ গৈ তেওঁক জগাই ক’লে “হে নাথ, হে নাথ, আমি এতিয়া মৰোঁহে।” তেতিয়া তেওঁ সাৰ পাই, বতাহ আৰু পানীৰ ঢৌক ডবিয়ালে; লগে লগে বতাহ আৰু ঢৌ ক্ষান্ত হ’ল আৰু সকলোবোৰ শান্ত হৈ পৰিল।

তাতে যীচুৱে ক’লে, “মোক কোনে চুলে?” তেতিয়া সকলোৱে স্পৰ্শ নকৰা বুলি কোৱাত পিতৰ আৰু তেওঁৰ লগত যোৱা সকলে ক’লে, “হে নাথ, লোক সকলে আপোনাক বেৰি ধৰি, হেচি-মেলি ভিৰ কৰি ৰাখিছে।”

তাতে তেওঁলোক তেওঁৰ ওচৰৰ পৰা যাবলৈ ধৰোতে, পিতৰে যীচুক ক’লে, “হে নাথ, ইয়াত থকা আমাৰ ভাল; আৰু আমি আপোনালৈ এটা, মোচিলৈ এটা, আৰু এলিয়ালৈ এটা, এনেদৰে তিনিটা পঁজা সাজোঁ৷” পিতৰে যি কথা কৈছিল সেই বিষয়ে তেওঁৰ কোনো জ্ঞান নাছিল৷

পাছত যোহনে মাত লগাই ক’লে, “হে নাথ, আমি এজনক আপোনাৰ নামেৰে ভূতবোৰক খেদোৱা দেখিলোঁ; কিন্তু তেওঁ আমাৰ লগত আপোনাৰ পাছে পাছে অহা নাই কাৰণে আমি তেওঁক নিষেধ কৰিলোঁ।”

তোমালোকক মই যি যি আজ্ঞা দিওঁ, সেইবোৰ যদি পালন কৰা, তেনেহলে তোমালোক মোৰ বন্ধু।

তেওঁৰ মাকে দাস সকলক ক’লে, “এওঁ তোমালোকক যিহকে কয়, তাকে কৰিবাহঁক।”

চিমোন পিতৰে তেওঁলোকক ক’লে, “মই মাছ মাৰিবলৈ যাওঁ”। তেওঁলোকে ক’লে, “আমিও, তোমাৰ লগত যাওঁ”। এই বুলি তেওঁলোক ওলাই গৈ নাৱত উঠিল; কিন্তু সেই ৰাতি তেওঁলোকে একোকে নাপালে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন