Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



লূক 4:18

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

“প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰ সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে। তেওঁ মোক বন্দীয়াৰ সকলৰ আগত মুক্তিৰ কথা আৰু অন্ধৰ আগত পুনৰায় দৃষ্টি পোৱাৰ কথা ঘোষণা কৰিবলৈ পঠালে। চেপা খোৱা সকলক মুকলি কৰিবলৈ পঠালে।

অধ্যায়টো চাওক কপি কৰক

56 পৰস্পৰ সংযোগসমূহ  

মই তোৰ আৰু নাৰীৰ মাজত, তোৰ বংশ আৰু নাৰীৰ বংশৰে মাজত শত্রুতা সৃষ্টি কৰিম; তেওঁ তোৰ মূৰ গুড়ি কৰিব আৰু তই তেওঁৰ ভৰিৰ গোৰোহা গুড়ি কৰিবি।”

এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ বিৰুদ্ধে তেওঁৰ যি বাক্য, তাক তুমি শুনা মাত্ৰকে ঈশ্বৰৰ আগত তোমাৰ মন কোমল কৰিলা, ঈশ্বৰৰ সাক্ষাতে নিজকে নম্ৰ কৰিলা আৰু নিজ কাপোৰ ফালি মোৰ আগত ক্ৰন্দন কৰিলা আৰু মইয়ো তোমাৰ কথা শুনিলো’ - এয়াই হৈছে যিহোৱাৰ ঘোষণা।

যাতে বন্দীসকলৰ কেঁকনি শুনিব পাৰে, মৃত্যুদণ্ডৰে অভিযুক্ত সকলক মুক্ত কৰিব পাৰে।

তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে, তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে।

যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে, শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে;

যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।”

যিহোৱা ভগ্নচিত্তীয়াসকলৰ ওচৰ; খেদিত মন হোৱাসকলক তেওঁ পৰিত্ৰাণ কৰে।

তুমি ধাৰ্মিকতাক ভাল পোৱা আৰু দুষ্টতাক ঘৃণা কৰা; সেইবাবে ঈশ্বৰে, তোমাৰ ঈশ্বৰে, তোমাৰ সংগীসকলতকৈ অধিক বেচি আনন্দৰ তেলেৰে তোমাক অভিষেক কৰিলে।

ভগ্ন মন ঈশ্বৰৰ গ্ৰহণীয় বলি, ইয়াক দিয়া; হে ঈশ্বৰ, ভগ্ন আৰু অনুতাপী মনক তুমি অগ্ৰাহ্য নকৰিবা।

তেতিয়া চকুৰে দেখা পোৱা সকলৰ চকু অস্পষ্ট নহ’ব, আৰু কাণেৰে শুনা সকলে মনোযোগেৰে শুনিব;

তেতিয়া অন্ধসকলে চকুৰে দেখিব, আৰু কাণেৰে নুশুনাসকলে কাণেৰে শুনিব,

অন্ধ লোকসকলৰ চকু মুকলি কৰিবলৈ, বন্দীশালৰ পৰা বন্দীসকলক মুক্ত কৰিবলৈ, আৰু কাৰাগাৰৰ অন্ধকাৰত বহি থকা সকলক তাৰ পৰা আনিবলৈ।

বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, মই ন্যায়পৰায়ণতাত কোৰচক আলোড়িত কৰিলোঁ, আৰু মই তেওঁৰ সকলো পথ সমান কৰিম। তেঁৱেই মোৰ নগৰখন নির্মান কৰিব, আৰু বিনামূল্যে কি বিনা ভেঁটিয়ে মোৰ দেশান্তৰিত লোকসকলক পঠাই দিব।’”

অন্ধকূপত থকা বন্দীসকলক তুমি কোৱা ‘ওলাই আহাঁ,’আৰু ‘নিজক দেখুৱা।’ তেওঁলোকে পশুবোৰক বাটৰ কাষে কাষে চৰাব, আৰু আটাই খালী এঢলীয়া ঠাই সিহঁতৰ চৰণীয়া ঠাই হ’ব।

মই যেন ক্লান্ত জনক বহন কৰিব পৰা বাক্য ক’ব পাৰোঁ, সেয়ে শিক্ষা দিয়া সকলৰ এজন বুলি, প্রভু যিহোৱাই মোক কথা কোৱা জিভা দিলে। তেওঁ প্ৰতিটো পুৱাতেই মোক সজাগ কৰে, এনে কি, শিক্ষা লাভ কৰা সকলৰ দৰে তেওঁ মোৰ কাণ সজাগ কৰে।

এইটোৰ কাৰণে যি জন অনন্তকালস্থায়ী, যাৰ নাম পবিত্র, আৰু উৰ্দ্ধ আৰু উন্নত যি জন তেওঁ এইদৰে কৈছে, “মই উৰ্দ্ধলোকত আৰু পবিত্ৰ স্থানত বাস কৰোঁ, আৰু নম্ৰ মনৰ লোকসকলক সচেতন কৰিবলৈ, ভগ্নচিত্তীয়াসকলৰ হৃদয় সতেজ কৰিবলৈ, মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ।

“মোৰ বাবে তেওঁলোকে সৈতে নিয়ম এই” যিহোৱাই কৈছে, “তোমাৰ ওপৰত থকা মোৰ আত্মা, আৰু মই তোমাৰ মুখত থোৱা মোৰ বাক্যবোৰ, তোমাৰ মুখৰ পৰা, বা তোমাৰ বংশৰ মুখৰ পৰা, নাইবা তোমাৰ বংশত উৎপন্ন হোৱা বংশৰ মুখৰ পৰাও, আজিৰে পৰা সৰ্ব্বকাললৈকে কেতিয়াও নুগুচিব, এয়ে যিহোৱাৰ বচন।”

প্ৰভু যিহোৱাৰ আত্মা মোত স্থিতি লৈছে, কাৰণ যিহোৱা মোক অভিষিক্ত কৰিলে নম্ৰ লোকসকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ, ভগ্নচিত্তীয়াসকলক সুস্থ কৰিবলৈ, বন্দীত্বত থকাসকলৰ আগত মুক্তিৰ কথা ঘোষণা কৰিবলৈ, আৰু বন্দীশালত থকা সকলক মুকলি কৰিবলৈ।

মোৰ হাতে সকলো নিৰ্ম্মাণ কৰিলে, সেই বাবেই এই সকলো হ’ল, ইয়াক যিহোৱাই কৈছে; দুখীয়া, ভগ্ন-চিত্তীয়া, আৰু মোৰ বাক্যত কঁপা জনলৈহে মই অনুমতি দিম।

যিহোৱাই তেওঁক ক’লে, “তোমালোকে নগৰৰ মাজেৰে যোৱা যিৰূচালেমৰ মাজেৰে আৰু নগৰৰ মাজত চলি থকা সকলো ঘিণলগীয়া কাৰ্যৰ কাৰণে হুমুনিয়াহ পেলোৱা আৰু চিঞৰি কন্দা-কতা কৰি থকা লোকসকলৰ কপালত চিন দিয়া।”

অধৰ্ম শেষ কৰিবলৈ, পাপৰ অন্ত কৰিবলৈ, পাপৰ প্ৰায়শ্চিত কৰিবলৈ, চিৰস্থায়ী ধাৰ্মিকতা আনিবলৈ, দৰ্শন আৰু ভাববাণী ক’বলৈ, আৰু মহাপবিত্ৰ স্থান অভিষেক কৰিবলৈ, তোমাৰ লোক আৰু তোমাৰ পবিত্র স্থানৰ বাবে সত্তৰ সপ্তাহ নিৰ্ধাৰণ কৰা হৈছে।

কিন্তু মই তোমাৰ মাজত এক নম্র আৰু দুখী দৰিদ্ৰ জাতিক অৱশিষ্ট ৰাখিম; তেওঁলোকে যিহোৱাৰ নামত নিৰ্ভৰ কৰিব।

সেইদিনা সেই নিয়মটি ভঙা হ’ল আৰু মোক সেইদৰে কৰা দেখি বেচোঁতাসকলে জানিলে যে, এয়ে যিহোৱাৰ বাক্য!

কিন্তু মোৰ নামত ভয় ৰাখোঁতা যি তোমালোক, তোমালোকৰ প্রতি ধাৰ্মিকতাৰূপ সূৰ্য উদিত হ’ব, যাৰ কিৰণ সুস্থতাদায়ক; তোমালোকে বাহিৰ হৈ গোহালিৰ পৰা মুকলি হোৱা দামুৰিৰ নিচিনাকৈ ডেও দিবা।

অন্ধই দৃষ্টিশক্তি পাইছে, খোৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই পুণৰ শুনিছে, মৃত সকলক জীৱনলৈ পুণৰুত্থিত কৰা হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে।

“চোৱা, তেওঁ মোৰ সেৱক, তেওঁক মই মনোনীত কৰিলোঁ। তেৱেঁই মোৰ প্ৰিয়জন, মোৰ প্রাণ তেওঁতেই পৰম সন্তুষ্ট হয়। মই তেওঁৰ ওপৰত মোৰ আত্মা দিম, তাতে তেওঁ অনা-ইহুদী সকলক ন্যায়-বিচাৰ ঘোষণা কৰিব।

ন্যায়-বিচাৰ জয়যুক্তলৈ প্রচাৰ নকৰে মানে, তেওঁ থেতেলি যোৱা নল নাভাঙিব, ধোৱাঁই থকা শলিতাও নুনুমাব;

যি সকল লোকে অন্ধকাৰত বাস কৰি আছিল তেওঁলোকে মহা-জ্যোতি দেখিবলৈ পালে। যি সকল লোকে মৃত্যুছাঁয়াৰ দেশত বাস কৰিছিল তেওঁলোকৰ ওপৰত দিপ্তী প্রকাশিত হ’ল।”

আত্মাত দৰিদ্ৰ সকল ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁলোকৰ।

তেওঁৰ হাতত ভাৱবাদী যিচয়াই লিখা পুস্তক খন দিয়া হ’ল। তেওঁ সেই পুস্তক মেলোতে এই অংশটো পালে, য’ত লিখা আছে:

পাছত তেওঁ শিষ্য সকলৰ ফালে চাই ক’লে, “ধন্য তোমালোক দৰিদ্ৰ সকল, কিয়নো ঈশ্বৰৰ ৰাজ্য তোমালোকৰ।

তেতিয়া তেওঁ তেওঁলোকক উত্তৰ দি ক’লে, “তোমালোকে যোৱা, আৰু যি দেখিলা, শুনিলা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ; আৰু ক’বা, ‘অন্ধই চকু পুনৰায় পাইছে, লেঙেৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই শুনিছে, মৃত লোকক জীৱন দিয়া হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে,

তেওঁ প্ৰথমতে তেওঁৰ ককায়েক চিমোনক লগ পাই ক’লে, “আমি মচীহক অৰ্থাৎ খ্ৰীষ্টক দেখা পালোঁ।”

মই এই জগতলৈ পোহৰ হৈ আহিছোঁ, গতিকে যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ যেন আন্ধাৰত নাথাকে।

কাৰণ ঈশ্বৰে যি জনক পঠিয়াইছে, তেওঁ ঈশ্বৰৰ কথাকে কয়; ঈশ্বৰে তেওঁক জোখ-মাপ কৰি তেওঁৰ আত্মা দিয়া নাই।

সেয়ে এই যে, যেনেকৈ ঈশ্বৰে নাচৰতীয়া যীচুক পবিত্ৰ আত্মা শক্তি আৰু মহিমাৰে অভিষিক্ত কৰিলে; তেনেকৈ তেওঁ বিভিন্ন ঠাইত সৎ কৰ্ম কৰি, চয়তানৰ পৰা দুখ পোৱা সকলক সুস্হ কৰিছিল; কাৰণ ঈশ্বৰ তেওঁৰ সহায় আছিল৷

এই মনোভাৱেৰে তেওঁলোকৰ চকু মুকলি হ’বলৈ আৰু অন্ধকাৰৰ পৰা পোহৰলৈ, চয়তানৰ ক্ষমতাৰ অধীনৰ পৰা ঈশ্ৱৰলৈ ঘূৰিবৰ কাৰণে, তেওঁলোকৰ ওচৰলৈ মই তোমাক নিযুক্ত কৰি পঠাওঁ, তাতে তেওঁলোকে ঈশ্বৰৰ পৰা পাপৰ ক্ষমা যেন পায় আৰু মোক বিশ্বাস কৰাৰ যোগেদি মই যেন তেওঁলোকক এই ভাগ দিব পাৰোঁ৷’”

ঈশ্বৰ আৰু তেওঁৰ অভিষিক্ত জনৰ বিৰুদ্ধে জগতৰ ৰজা সকল একেলগে উঠিছে, শাসনকর্তা সকল একগোট হৈছে।

হয়, এই নগৰতে তুমি অভিষিক্ত কৰা তোমাৰ পবিত্ৰ দাস যীচুৰ বিৰুদ্ধে হেৰোদ আৰু পন্তীয় পীলাত; অনা-ইহুদী আৰু ইস্ৰায়েলী সকলৰ সৈতে একেলগ হৈছিল।

তেৱেঁই আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থ’লে৷

হে মোৰ প্ৰিয় ভাইসকল, শুনক, সংসাৰত যি সকল দৰিদ্ৰ, ঈশ্বৰে তেওঁলোকক বিশ্বাসত ধনৱন্ত আৰু তেওঁক প্ৰেম কৰা সকলৰ আগত প্ৰতিজ্ঞা কৰা ৰাজ্যৰ অধিকাৰী কৰিবলৈ আপোনালোকক মনোনীত কৰা নাই নে?

কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে যাতে, যি জনে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, আপোনালোকে যেন তেওঁৰ সদগুণ প্ৰকাশ কৰে৷ এই কাৰণে




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন