এদিন যীচু নাচৰতলৈ গ’ল। এই ঠাইতে তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁ নিজৰ নিয়ম অনুসাৰে বিশ্ৰামবাৰে নাম-ঘৰত সোমাই শাস্ত্রপাঠ কৰিবলৈ থিয় হ’ল।
আৰু তাত নাচৰত নামৰ এখন নগৰত বসবাস কৰিব ধৰিলে। তেওঁক নাচৰতীয়া বুলি মতা হ’ব, এই যি বচন ভাববাদী সকলৰ দ্বাৰাই কোৱা হৈছিল, এই বচন সিদ্ধ হবৰ বাবে এইদৰে ঘটিল।
প্ৰভুৰ বিধানৰ মতে কৰিবলগীয়া সকলো নিয়ম সম্পূর্ণ কৰি যোচেফ আৰু মৰিয়ম নিজৰ নগৰ গালীল প্ৰদেশৰ নাচৰতলৈ উলটি আহিল।
যীচুৰ বয়স যেতিয়া বাৰ বছৰ, তেতিয়া তেওঁলোকে যথা ৰীতি মতে সেই পর্বলৈ গৈছিল।
তাৰ পাছত তেওঁলোকৰ লগত তেওঁ নাচৰতলৈ উভটি গ’ল আৰু তেওঁলোকৰ বাধ্য হৈ থাকিল। তেওঁৰ মাকে এই সকলো কথা মনত ৰাখিলে।
তেওঁ তেওঁলোকৰ নাম-ঘৰবোৰত শিক্ষা দিব ধৰিলে, আৰু সকলোৱে তেওঁৰ প্রশংসা কৰিলে।
তেওঁৰ হাতত ভাৱবাদী যিচয়াই লিখা পুস্তক খন দিয়া হ’ল। তেওঁ সেই পুস্তক মেলোতে এই অংশটো পালে, য’ত লিখা আছে:
তেতিয়া তেওঁ তেওঁলোকক কবলৈ ধৰিলে, “ধৰ্মশাস্ত্ৰৰ এই যি বচন আপোনালোকে শুনিলে, সেয়া আজি পূর্ণ হ’ল।”
যীচুৱে তেওঁলোকক ক’লে, “অৱশ্যেই আপোনালোকে প্রচলিত এই দৃষ্টান্তটো মোক কব, ‘বেজ, আগেয়ে নিজকে সুস্থ কৰা’। কফৰনাহূমত তুমি যি যি কার্য কৰিছা বুলি আমি শুনিছো, সেই সকলো ইয়াত নিজৰ গাওঁটো কৰা।”
যীচুৱে তেওঁক উত্তৰ দি ক’লে, “মই জগতৰ আগত মুকলিকৈ ক’লোঁ; মই নাম-ঘৰত আৰু মন্দিৰত, ইহুদী সকলৰ গোট খোৱা ঠাইত সদায় শিক্ষা দিলোঁ আৰু কেতিয়াও গুপুতে একো কোৱা নাই।
পৌলে তেওঁৰ নিয়ম অনুযায়ী ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল আৰু একেৰাহে তিনিটা বিশ্রাম-বাৰত তেওঁলোকৰ সৈতে ধৰ্মশাস্ত্ৰৰ পৰা যুক্তিৰে আলোচনা কৰিলে।