পাছত পীলাতে প্ৰধান পুৰোহিত, শাসনকর্তা সকলক আৰু লোক সকলক মাতি গোট খুৱালে৷
তেতিয়া পীলাতে তেওঁলোকক সুধিলে, “কিন্তু তেওঁনো কি দোষ কৰিলে?” তাতে তেওঁলোকে অধিককৈ আটাহ পাৰি ক’লে, “তাক ক্রুচত দিয়ক।”
আৰু লোক সকলে থিয় হৈ চাই থাকোতে শাসনকর্তা সকলে তেওঁক উপহাস কৰি ক’লে, “ই আন লোককহে ৰক্ষা কৰিব পাৰিলে৷ যদি ই ঈশ্বৰৰ সেই অভিষিক্ত আৰু তেওঁৰ মনোনীত জন হয়, তেনেহলে নিজকে নিজে ৰক্ষা কৰক।”
তেওঁক আমাৰ প্ৰধান পুৰোহিত আৰু শাসনকর্তা সকলে কেনেকৈ দোষী কৰি প্ৰাণদণ্ডৰ অর্থে শোধাই দি ক্রুচত দিলে৷
তথাপি শাসনকৰ্তা সকলৰ মাজৰ অনেকে যীচুত বিশ্বাস কৰিলে; কিন্তু তেওঁলোকক নাম-ঘৰৰ পৰা নিষিদ্ধ কৰাৰ ভয়তে ফৰীচী সকলৰ কাৰণে তেওঁলোকে স্বীকাৰ নকৰিলে;
পীলাতে তেওঁক ক’লে, “সত্য নো কি?” এই কথা সুধি তেওঁ পুনৰ বাহিৰত থকা ইহুদী সকলৰ ওচৰলৈ গৈ তেওঁলোকক ক’লে, “মই এই মানুহ জনৰ একো দোষ দেখা পোৱা নাই৷
পীলাতে আকৌ বাহিৰলৈ গৈ মানুহবোৰক ক’লে, “চোৱা, মই এওঁত একো দোষ নাপালোঁ আৰু সেয়েহে তোমালোকে জানিবৰ কাৰণে, এওঁক তোমালোকৰ সন্মুখলৈ উলিয়াই আনিছো।”
ফৰীচী সকলৰ মাজত নীকদীম নামেৰে এজন লোক আছিল। তেওঁ ইহুদী পৰিষদৰ এজন অধিকাৰী আছিল।
কিন্তু চোৱা, এওঁতো মুকলিকৈ কথা কৈ আছে, তথাপি তেওঁলোকে এওঁক একো কোৱা নাই। তেনেহলে, এনে হব পাৰে নেকি, শাসনকর্তা সকলে সঁচাই জানিব পাৰিছে যে এই লোক জনেই খ্ৰীষ্ট?
শাসনকৰ্তা বা ফৰীচী সকলৰ মাজৰ কোনোবাই জানো তাক বিশ্বাস কৰিছে?
কিয়নো যিৰূচালেম নিবাসী আৰু তেওঁলোকৰ শাসনকৰ্তা সকলে তেওঁক নাজানি আৰু প্ৰত্যেক বিশ্ৰামবাৰত পঢ়া ভাববাদী সকলৰ বাক্যকো নুবুজি, যীচুক দোষাৰোপ কৰি, সেই বাক্য পূৰ্ণ কৰিলে৷
হে ভাই সকল মই জানিছোঁ, আপোনালোকৰ শাসনকৰ্তা সকলে আৰু আপোনালোকে নুবুজিয়ে সেই কৰ্ম কৰিলে।
পাছদিনা ইহুদী সকলৰ অধিকাৰী, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকল একেলগে যিৰূচালেমত মিলিত হ’ল।
তেতিয়া পিতৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ তেওঁলোকক কলে- “হে লোক সকলৰ শাসনকৰ্তা আৰু পৰিচাৰক সকল,