Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



লূক 19:1

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত যীচু যিৰীহো নগৰত সোমাই সেই নগৰৰ মাজেদি যাবলৈ ধৰিলে।

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

তেওঁ ৰাজত্ব কৰা কালত বাৎএলীয়া হীয়েলে পুনৰায় যিৰীহো নিৰ্মাণ কৰিলে। তেওঁলোকে যিহোৱাৰ বাক্য মানি চলিছিল আৰু সেই কাৰণে যিহোৱাই নুনৰ পুত্ৰ যিহোচূৱাৰ মুখেৰে কোৱা বাক্য অনুসাৰে, তেওঁ নিজ বৰ পুত্ৰ অবীৰামক দণ্ড স্বৰূপে দি যিৰীহোৰ ভিত্তিমূলক স্থাপন কৰিলে আৰু নিজ সৰু পুত্ৰ চগূবক দণ্ড স্বৰূপে দি যিৰীহোৰ দুৱাৰবোৰ লগালে।

তাৰ পাছত তেওঁলোক যিৰীহো নগৰলৈ আহিল। তেওঁ যি সময়ত নিজৰ শিষ্য সকলৰ সৈতে বহু লোকৰ লগত যিৰিহো নগৰৰ পৰা গৈ আছিল, সেই সময়ত পথৰ দাঁতিত তীময়ৰ পুতেক বাৰতীময় নামৰ এজন অন্ধ ভিখাৰী বহি আছিল।

পাছত তেওঁ যিৰীহোৰ ওচৰ পোৱাত, এজন অন্ধই বাটৰ কাষত বহি ভিক্ষা কৰি অাছিল।

সেই নগৰত চক্কেয় নামৰ এজন মানুহ আছিল৷ তেওঁ কৰ সংগ্ৰহক সকলৰ প্ৰধান আৰু ধনী আছিল।

তাৰ পাছত নুনৰ পুত্ৰ যিহোচূৱাই চিটীমৰ পৰা দুজন লোকক গোপনে চোৰাংচোৱা হিচাবে পঠিয়াই দিলে৷ তেওঁ ক’লে, “তোমালোক যোৱা, আৰু গোটেই দেশখন ভালদৰে চাবা; বিশেষকৈ যিৰীহো নগৰ নিৰীক্ষণ কৰি আহিবা।” তেতিয়া তেওঁলোক গ’ল আৰু গৈ এগৰাকী বেশ্যাৰ ঘৰ পালে৷ তাতে তেওঁলোকে আলহী হৈ থাকিল৷ সেই বেশ্যাৰ নাম ৰাহাব আছিল৷




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন