Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



লূক 18:42

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি দৃষ্টি পোৱা; তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।”

অধ্যায়টো চাওক কপি কৰক

9 পৰস্পৰ সংযোগসমূহ  

তেওঁ নিজ বাক্য পঠাই তেওঁলোকক সুস্থ কৰিলে; তেওঁ বিনাশৰ পৰা তেওঁলোকক ৰক্ষা কৰিলে।

কিয়নো তেওঁ ক’লে আৰু সকলোবোৰ সৃষ্টি হ’ল, তেওঁ আজ্ঞা দিলে আৰু সকলো প্রতিস্থিত হ’ল।

তেতিয়া যীচুৱে উত্তৰ দিলে, “হে নাৰী, তোমাৰ বিশ্বাস মহৎ; তোমাৰ ইচ্ছাৰ দৰেই তোমালৈ হওক।” তাতে সেই মুহূৰ্ত্তৰে পৰা মহিলা গৰাকীৰ জীয়েক সুস্থ হ’ল।

যীচুৱে হাত খন আগবঢ়াই তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ; তুমি শুচি হোৱা।” লগে লগে মানুহ জনৰ কুষ্ঠৰোগ ভাল হৈ গ’ল।

যীচুৱে মুখ ঘূৰাই তেওঁক দেখি ক’লে, “ভনী, নিৰ্ভয় হোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে।” সেই সময়ৰে পৰা সেই মহিলা গৰাকী সুস্থ হ’ল।

পাছত যীচুৱে তেওঁক ক’লে, “উঠা আৰু যোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে৷”

পাছত তেওঁ ওচৰলৈ অহাত, যীচুৱে তেওঁক সুধিলে, “মই কি কৰাটো তোমাৰ ইচ্ছা?” তেতিয়া তেওঁ ক’লে, “হে প্ৰভু, মই যেন দেখিবলৈ পাওঁ।”

কিন্তু যীচুৱে সেই তিৰোতাক ক’লে, “তোমাৰ বিশ্বাসেই তোমাক পৰিত্ৰাণ কৰিলে; শান্তিৰে যোৱা।”

তেতিয়া যীচুৱে তেওঁক ক’লে, “আইটি, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে; শান্তিৰে যোৱা।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন