যীচুৱে ক’লে, “কিয় মোক সৎ বুলি কৈছা? ঈশ্বৰৰ বাহিৰে সৎ কোনো নাই।
অশুচিৰ পৰা শুচি কোনে উলিয়াব পাৰে? কোনেও নোৱাৰে।
তেন্তে ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্মিক হ’ব পাৰে? আৰু তিৰোতাৰ পৰা জন্মাজনে কেনেকৈ শুচি হ’ব পাৰে?
তেতিয়া স্বর্গৰ দূতে উত্তৰ দি তেওঁক ক’লে, “পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব, আৰু সর্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। এই হেতুকে সেই পবিত্র গর্ভফলৰ নাম ঈশ্বৰৰ পুত্র বুলি প্রখ্যাত হব,
এতেকে তোমালোক দুর্জন হৈয়ো নিজ নিজ সন্তান সকলক যদি ভাল বস্তু দিব জানা তেনেহলে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁৰ ওচৰত খোজা লোক সকলক পবিত্ৰ আত্মা নিদিব নে?”
এজন ধনী শাসনকর্তাই সুধিলে, “হে সৎ গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ’ম?”
তুমি ঈশ্বৰৰ আজ্ঞাবোৰ জানা নে, ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা।”
আৰু একেলগে আমি একমত হৈ কওঁ যে, “ভক্তিৰ নিগূঢ় সত্য অতি মহান৷ তেওঁ মাংসত প্ৰকাশিত হ’ল, আত্মাত ধাৰ্মিক বুলি গণিত কৰা হ’ল, দূতবোৰৰ দ্বাৰাই দেখা পোৱা গ’ল, অন্যান্য জাতি সকলৰ আগত ঘোষণা কৰা হ’ল, জগতত বিশ্বাস কৰা হ’ল, প্ৰতাপত তুলি নিয়া হ’ল।”
এনেকুৱা নিষ্পাপ, শুদ্ধ, পবিত্ৰ, পাপী সকলৰ পৰা পৃথক হোৱা এজন মহা-পুৰোহিত আমাৰ বাবে প্রয়োজন আছিল। আকাশ-মণ্ডলৰ উর্দ্ধতো তেওঁক তুলি নিয়া হৈছিল।
সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে আহে, আৰু আকাশৰ জ্যোতিবোৰ সেই পিতৃৰ পৰাই তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷