Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



লূক 17:27

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

নোহ জাহাজত উঠা দিনলৈকে লোক সকলে ভোজন-পান কৰিছিল, বিয়া কৰিছিল আৰু বিয়াও দিছিল।

অধ্যায়টো চাওক কপি কৰক

16 পৰস্পৰ সংযোগসমূহ  

এইদৰে পৃথিৱীৰ ওপৰি ভাগত থকা সকলো প্ৰাণীকে নিঃশেষ কৰা হ’ল - মানুহকে আদি কৰি ডাঙৰ ডাঙৰ পশু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰক উচ্ছন্ন কৰা হ’ল; কেৱল নোহ আৰু তেওঁৰ লগত যি সকল জাহাজত থাকিল সেইসকলহে জীয়াই থাকিল।

জলপ্লাৱনৰ পৰা ৰক্ষা পাবৰ কাৰণে নোহ, তেওঁৰ ভাৰ্যা, তেওঁৰ পুত্ৰসকল আৰু তেওঁলোকৰ ভার্য্যাসকল জাহাজত উঠিল।

মোৰ হৃদয় চূৰ্ণ হৈছে; কম্পমানে মোক অতিক্রম কৰিছে; সেই নিশা মই যি ইচ্ছা কৰি আছিলোঁ, সেইয়া মোক কম্পমান কৰিবলৈ ঘূৰি আহিছিল।

বিপর্যয়ে তোমাক পৰাজিত কৰিব; তুমি তন্ত্র-মন্ত্ৰেৰে তাক দূৰ কৰিব নোৱাৰিবা। বিপর্যয় তোমাৰ ওপৰত পৰিব; তুমি তাৰ পৰা ৰক্ষা পাবলৈ সক্ষম নহবা। তুমি জনাৰ পূর্বেই, দুর্যোগে তোমাক আঘাত কৰিব।

কিয়নো পুনৰুত্থানত বিয়া নকৰাই, বিয়া দিয়াও নহয়; কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।

নোহৰ সময়ত যেনেকুৱা হৈছিল, মানুহৰ পুত্ৰৰ সময়তো তেনেকুৱাই হ’ব।

সেইদৰে লোটৰ সময়তো লোক সকলে ভোজন-পান কৰিছিল, কিনা-বেচা, ৰুৱা-পোতা আৰু ঘৰ সাজিছিল।

পাছত সেই মিচৰীয়াজনে দায়ূদক নমাই লৈ গ’ল; সেই সময়ত তেওঁলোকে গোটেই দেশত উৎসৱ পাতি ভোজন পান কৰি আছিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন