ধনী ব্যক্তি জনে ক’লে, “হে পিতৃ, তেনেহলে দয়া কৰি লাজাৰক মোৰ দেউতাৰ ঘৰলৈ পঠিয়াই দিয়ক৷
কিয়নো, তাৰ মাহ কেইটা ওৰ পৰিলে হ’ল, সি মৰাৰ পাছত, তাৰ ভাবি-বংশৰ লগত তাৰ কি সম্পৰ্ক?
যেতিয়া ইয়োবে তেওঁৰ বন্ধুসকলৰ বাবে প্ৰাৰ্থনা কৰিলে, তেতিয়া যিহোৱাই তেওঁৰ দুৰ্দশাৰ পৰিৱৰ্ত্তন কৰিলে, আৰু যিহোৱাই ইয়োবক আগতকৈ দুগুণ সম্পত্তি দিলে।
হে যিহোৱা, মর্ত্যৰ লোকসকলৰ পৰা তোমাৰ নিজ হাতেৰে মোক ৰক্ষা কৰা; সেই মর্ত্য লোকসকলৰ পৰা মোক ৰক্ষা কৰা, যিসকলৰ জীৱনৰ অংশ কেৱল এই পৃথিৱীতে আছে। তোমাৰ বহুমূল্য সম্পদেৰে তেওঁলোকৰ উদৰ পূৰ হওঁক, তেওঁলোকৰ সন্তানৰ সংখ্যা অনেক হওঁক, শিশুসকলৰ কাৰণে তেওঁলোকে নিজৰ ধন-সম্পদ ৰাখি যাওঁক।
কিন্তু অলপতে দুষ্টলোক শেষ হৈ যাব; তুমি যত্নেৰে বিচাৰিলেও তেওঁলোকৰ ঠাইত তেওঁলোকক পোৱা নাযাব।
যিসকলে নিজৰ প্রাচুর্যতাত ভাৰসা কৰে, আৰু তেওঁলোকৰ পাছত যিসকল লোকে তেওঁলোকৰ কথাত হয়ভৰ দি চলে, সেই হঠকাৰীসকলৰ দশাও তেনেকুৱা হ’ব। (চেলা)
কিন্তু ঈশ্বৰে তোমাক চিৰকালৰ বাবে বিনষ্ট কৰিব; তেওঁ তোমাক ধৰি তোমাৰ তম্বুৰ পৰা টানি আনি ছিৰাছিৰ কৰিব; জীৱিতসকলৰ দেশৰ পৰা তোমাক উঘালি পেলাব। (চেলা)
সূৰ্যৰ তলত মই যি যি পৰিশ্ৰম কৰিলোঁ, সেই সকলো পৰিশ্ৰমত মোৰ এতিয়া ঘিণ লাগিছে; কিয়নো মোৰ পাছত যিজন আহিব, তেওঁৰ বাবেইতো তাৰ ফল থৈ যাব লাগিব।
এতিয়া তোমাৰ আৰু আমাৰ মাজত এক মহাশূন্য স্থাপন কৰা আছে৷ আমি ইচ্ছা কৰিলেও ইয়াৰ পৰা তুমি থকা ঠাইলৈ যাব নোৱাৰো আৰু তোমাৰ তাৰ পৰা ইচ্ছা কৰিলেও কোনো ইয়ালৈ আহিব নোৱাৰা’।
তাতে মোৰ পাঁচ জন ভাই আছে, সিহঁতক যেন তেওঁ গৈ, আহিবলগীয়া এই যাতনাৰ ঠাইৰ বিষয়ে সাক্ষ্য দি সাৱধান কৰি দিয়ে৷