যদি নোৱাৰে তেনেহলে সি জন ৰজা দূৰৈত থাকোতেই, কটকী পঠিয়াই শান্তিৰ বাবে সন্ধিৰ কথা সুধিব।
তোমাৰ জানো ঈশ্বৰৰ নিচিনা বাহু আছে? তুমি জানো তেওঁৰ দৰে মেঘ-গৰ্জ্জনৰ নিচিনা শব্দ কৰিব পাৰা?
তোমাৰ গুচৰিয়াৰ সৈতে তুমি আদালতৰ চোতাললৈ গৈ থাকোতেই বেগাই মিলন হোৱা; অন্যথা জানোছা তোমাৰ গুচৰিয়াই তোমাক বিচাৰকৰ হাতত শোধাই দিয়ে; বিচাৰকেও তোমাক টেকেলাৰ হাতত শোধাই দিয়ে আৰু তেতিয়া তোমাক কাৰাগাৰত ভৰাই থোৱা হব।
যি জনে তোমাক খোজে, সেই জনক দিবা আৰু কোনোৱে তোমাৰ পৰা ধাৰ বিচাৰিলে, তেওঁক বিমুখ নকৰিবা।
কিয়নো আপোনাৰ গুচৰিয়াৰ সৈতে আপুনি যেতিয়া বিচাৰকৰ ওচৰলৈ যায়, তেতিয়া বাটতেই তেওঁৰ পৰা মুক্ত হবলৈ চেষ্টা কৰে যাতে তেওঁ আপোনাক বিচাৰকর্তাৰ সন্মুখলৈ বলেৰে টানি নিনিয়ে আৰু বিচাৰকর্তাই দাৰোগাৰ হাতত শোধাই নিদিয়ে; তেতিয়া দাৰোগায়ো বন্দীশালত সোমাই থব নোৱাৰিব।
অথবা অন্য এজন ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাওঁতে প্ৰথমতে বহি চিন্তা নকৰিব নে, যে তেওঁৰ দহ হাজাৰ সৈন্যই বিপক্ষৰ বিশ হাজাৰ সৈন্যৰ বিৰুদ্ধে যুজিব পাৰিব নে নোৱাৰিব?
এতেকে আপোনালোকৰ যি কোনোৱে নিজৰ সর্বস্ব ত্যাগ নকৰে, তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে।
কিন্তু তেওঁৰ স্বদেশীয় সকলে তেওঁক ঘিণ কৰি, তেওঁৰ পাছত দূত পঠাই কোৱালে, বোলে, ‘আমাৰ ওপৰত ৰাজত্ব কৰিবলৈ, সেই জন মানুহ আমাক নালাগে’।
তুৰীয়া আৰু চীদোনীয়া সকলৰ প্ৰতি হেৰোদৰ অতিশয় ক্ৰোধ আছিল৷ কিন্তু তেওঁলোকে একে আলোচনাৰে তেওঁৰ আগলৈ গৈ, ব্লাস্ত নামেৰে ৰজাৰ ভিতৰুৱাল ফুকনক তেওঁলোকৰ ফলীয়া কৰি, শান্তি স্হাপন কৰিবলৈ নিবেদন কৰিলে, কাৰণ এই ৰজাৰ দেশৰ পৰাই তেওঁলোকৰ দেশলৈ খোৱা বস্তুবোৰ আহিছিল৷