Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



লূক 13:12

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যীচুৱে তাইক দেখি মাতিলে আৰু ক’লে, “হে নাৰী তোমাৰ শক্তিহীন অৱস্থাৰ পৰা তুমি মুক্ত হোৱা।”

অধ্যায়টো চাওক কপি কৰক

9 পৰস্পৰ সংযোগসমূহ  

তেওঁ নিজ বাক্য পঠাই তেওঁলোকক সুস্থ কৰিলে; তেওঁ বিনাশৰ পৰা তেওঁলোকক ৰক্ষা কৰিলে।

যি সকলে মোক নুশুধিলে, মই তেওঁলোকৰ দ্বাৰাই অম্বেষিত কৰাবলৈ প্রস্তুত আছিলোঁ; আৰু যি সকলে মোক নিবিচাৰিলে, তেওঁলোকৰ দ্বাৰাই মোক বিচৰাবলৈ মই প্রস্তুত আছিলোঁ; মোৰ নামেৰে প্ৰখ্যাত নোহোৱা দেশবাসীসকলক “এইয়া চোৱা, মই আছোঁ, মই আছোঁ, এই বুলি মই কলোঁ।

তোমালোকে তোমালোকৰ নাঙলৰ ফাল পিটি তৰোৱাল, আৰু তোমালোকৰ কলম দিয়া কটাৰী পিটি যাঠী গঢ়োৱা। “মই শক্তিশালী”, এই বুলি দুৰ্ব্বল সকলে কওঁক।

যীচুৱে গালীল প্রদেশৰ সকলো ঠাইতে থকা নাম-ঘৰবোৰত গৈ উপদেশ দিবলৈ ধৰিলে৷ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিলে; অাৰু লোক সকলৰ মাজৰ পৰা নানা ধৰণৰ ৰোগ-ব্যাধিত থকা লোকক সুস্থ কৰিলে।

সন্ধিয়া হোৱাত লোক সকলে ভূতে পোৱা অনেক মানুহক তেওঁৰ ওচৰলৈ আনিলে। তেওঁ মুখৰ কথাৰেই সেই ভূতৰ আত্মাবোৰ খেদালে আৰু যি সকল অসুস্থ আছিল, সেই সকলো ৰোগীকে সুস্থ কৰিলে।

তাত এনে এগৰাকী মহিলা আছিল, যি মহিলা গৰাকীয়ে এটা শক্তিহীন কৰা অশুচি আত্মাৰ অধীনত ওঁঠৰ বছৰ ধৰি কষ্ট ভোগ কৰি আছিল আৰু তাই কুঁজী হৈ গৈছিল, একেবাৰে পোন হব পৰা নাছিল।

তাৰ পাছত যীচুৱে তাইৰ ওপৰত হাত ৰাখিলে আৰু লগে লগে তাই পোন হৈ ঈশ্বৰৰ স্তুতি কৰিলে।

তেনেহলে সুদীর্ঘ ওঠৰ বছৰ ধৰি চয়তানৰ বন্ধনত থকা অব্ৰাহামৰ বংশৰ এই মহিলা গৰাকীক বিশ্ৰামবাৰৰ দিনা এই বন্ধনৰ পৰা মুকলি কৰা উচিত নহয় নে?”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন