নিজৰ বিষয়ে উচিত বিচাৰ কি কাৰণত কৰিব নোৱাৰে?
যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে যদি সন্দেহ নকৰি বিশ্বাস কৰা, তেনেহলে কেৱল ডিমৰু গছকে এইদৰে কৰিব পাৰিবা এনে নহয়; কিন্তু এই পৰ্বতটোক যদি কোৱা, ইয়াৰ পৰা উঠি সাগৰত পৰ গৈ, তেতিয়া সিওঁ হ’ব।
কিয়নো যোহন আপোনালোকৰ ওচৰলৈ ধাৰ্মিকতাৰ পথেৰে আহিল, তথাপি আপোনালোকে তেওঁত বিশ্বাস নকৰিলে; কিন্তু কৰ সংগ্রহকাৰী আৰু বেশ্যাবোৰে তেওঁত বিশ্বাস কৰিলে; আপোনালোকে এইবোৰ দেখিও, পাছত বিশ্বাস কৰিবলৈকো অনুতাপ নকৰিলে।”
সেইবোৰ কুঁহিপাত মেলা দেখিলে, তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে নিজে জানা।
উপৰুৱাকৈ চাই বিচাৰ নকৰিব, বৰং ন্যায়-বিচাৰ কৰক।”
ইয়াৰ উপৰি তেওঁ ভালেমান কথাৰে সাক্ষ্য দি তেওঁলোকক উদগণি দিলে আৰু ক’লে, “এই কুটিল লোকৰ পৰা নিজকে ৰক্ষা কৰক।”
আপোনালোকে মনতে বিচাৰ কৰি চাওক, মহিলা মানুহে উদং মূৰেৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰা উচিত নে?
প্ৰকৃতিয়ে নিজেও আপোনালোকক নিশিকায় নে যে, পুৰুষৰ দীঘল চুলি হোৱা তেওঁলৈ অনাদৰজনক?
তেওঁলোক জ্ঞানী হোৱা হ’লে, এই কথা বুজিলেহেঁতেন; শেষ দশা কি হ’ব তেওঁলোকে বিবেচনা কৰিলেহেঁতেন।