Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



লূক 11:43

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

হায় হায় ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে নাম-ঘৰত প্ৰধান আসন আৰু হাট-বজাৰত সন্মানপূর্ণ সম্ভাষণবোৰক প্ৰেম কৰে।

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

বিনাশৰ আগত অহংকাৰ আহে, আৰু পতনৰ পূৰ্বতে মনৰ গৰ্ব্ব হয়।

এই যুগৰ লোক সকলক কাৰ লগত তুলনা কৰিম? এওঁলোক এনেকুৱা ল’ৰা-ছোৱালীৰ নিচিনা, যি সকলে বজাৰত বহি সঙ্গী সকলক মাতি কয়;

“এতেকে তেওঁলোকলৈ সাৱধান হোৱা, যি সকল বিধানৰ অধ্যাপকে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ ইচ্ছা কৰে আৰু হাট-বজাৰত নমস্কাৰ বিচাৰে, নাম-ঘৰত প্ৰধান আসন আৰু ভোজনত প্ৰধান ঠাইবোৰ ভালপায়;

ভাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হওক; আৰু সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হওক৷

আপোনালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিব; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অানক উত্তম বুলি মান্য কৰক৷

মই মণ্ডলীলৈ কিছু কথা লিখিছিলো; কিন্তু তেওঁলোকৰ মাজত প্ৰাধান্যৰ অভিলাষী দিয়ত্ৰিফিয়ে মোৰ ক্ষমতা স্বীকাৰ নকৰে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন