Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



লূক 11:24

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যেতিয়া এটা অশুচি আত্মা কোনো মানুহৰ পৰা ওলাই যায়, তেতিয়া সি পানী নথকা ঠাইবোৰত ঘূৰি ফুৰি জিৰণি বিচাৰে আৰু এনে কোনো ঠাই বিচাৰি নাপালে সি কয়, ‘মই যি ঘৰৰ পৰা ওলাই আহিলোঁ সেই ঘৰলৈকে উভতি যাম’।

অধ্যায়টো চাওক কপি কৰক

18 পৰস্পৰ সংযোগসমূহ  

তাতে যিহোৱাই চয়তানক সুধিলে, “তুমি ক’ৰ পৰা আহিলা?” চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “মই পৃথিৱী ভ্ৰমণ কৰিলোঁ, আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলোঁ।”

তেতিয়া যিহোৱাই চয়তানক সুধিলে, “তুমি ক’ৰ পৰা আহিলা?” চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “মই পৃথিৱী ভ্ৰমণ কৰি আহিলোঁ আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলোঁ।

হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ; আন্তৰিকতাৰে মই তোমাক বিচাৰিম; পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে, মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে।

কাৰণ তেওঁলোকে কুকৰ্ম নকৰালৈকে তেওঁলোকৰ টোপনি নাহে, আৰু তেওঁলোকে কোনো লোকক উজুটি নোখোৱালৈকে তেওঁলোকৰ টোপনি নাহে।

জলন্ত বালি গভীৰ জলাশয় হ’ব, আৰু খৰাং মাটি পানীৰ ভুমুক হ’ব; শিয়ালৰ বাসতিস্থান, য’ত এসময়ত সিহঁত শুইছিল, তাত নল খাগৰি আৰু কুঁহিলাৰ ঘাঁহনি হ’ব।

কাৰণ মই তৃষ্ণাতুৰ ভূমিৰ ওপৰত পানী বৰষাম, আৰু খৰাং ঠাইৰ ওপৰত নদী বোৱাম; মই তোমাৰ বংশৰ ওপৰত নিজ আত্মা, তোমাৰ সন্তানৰ ওপৰত নিজৰ আশীৰ্ব্বাদ বাকি দিম।

যিহোৱাই কৈছে, “দুষ্ট লোকসকলৰ কাৰণে কোনো শান্তি নাই।”

পাছত যীচুৱে যেন সেই ঠাইৰ পৰা সিহঁতক নেখেদে, এই কাৰণে অনেক বিনয় কৰি ক’লে।

তেতিয়া যীচুৱে মানুহৰ দলটোক একেলগে ল’ৰি অহা দেখি, সেই অশুচি আত্মাক ডবিয়াই ক’লে, “হে বোবা আৰু কলা আত্মা, মই তোক আজ্ঞা দিছোঁ, তই ইয়াৰ পৰা বাহিৰ ওলাই যা; পুনৰ ইয়াত প্ৰৱেশ নকৰিবি৷”

পাছত উভতি আহি সি যেতিয়া সেই ঘৰ খন সৰা পোচা আৰু সজোৱা-পৰোৱা দেখে,

এইবোৰৰ সৈতে আপোনালোকে জীৱন-যাপন কৰি জগতৰ নিয়ম অনুসাৰে চলি আছিল। আপোনালোকে আকাশৰ মন্দ শক্তিৰ অধিকাৰীৰ অনুসৰণকাৰী হৈ, অবাধ্যতাৰ সন্তান সকলৰ জীৱনত কার্য কৰি থকা অশুচি আত্মাৰ দৰে চলি আছিল।

সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্ৰু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন