Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



লূক 11:18

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

চয়তান যদি নিজৰ বিৰুদ্ধে ভিন ভিন হয়, তেনেহলে তাৰ ৰাজ্য কেনেকৈ থাকিব? কাৰণ তোমালোকে কৈছা যে, মই বেলচবূব ৰ দ্বাৰাই ভূতবোৰক খেদাও৷

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

শিষ্য যদি গুৰুৰ দৰে আৰু দাস যদি নিজৰ প্ৰভুৰ দৰে হ’ব পাৰে, সেয়ে যথেষ্ট। ঘৰৰ গৰাকীকে যেতিয়া তেওঁলোকে বেলচবূব বুলিলে, তেনেহলে তেওঁৰ পৰিয়ালৰ আন সকলোকে কিমান অধিক বুলিব!

চয়তানে যদি চয়তানকে খেদায়, তেনেহলে সি নিজৰ মাজতে ভাগ ভাগ হয়; তেতিয়া তাৰ ৰাজ্য কেনেকৈ বর্তি থাকিব?

তেতিয়া যীচুৱে তাক ক’লে, “গুচি যা চয়তান! কিয়নো শাস্ত্রত এই বুলিও লিখা আছে, তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু কেৱল তেওঁৰেই আৰাধনা কৰা।”

সমগ্র চিৰিয়া দেশতে তেওঁৰ খ্যাতি বিয়পি পৰিল আৰু লোক সকলে নানা ধৰণৰ বেমাৰ আৰু যন্ত্রণাত আক্রান্ত লোক, ভূতে পোৱা লোক, মৃগী ৰোগী আৰু পক্ষাঘাতগ্রস্ত আদি নানা ধৰণৰ ৰোগী সকলক তেওঁৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলোকক সুস্থ কৰিলে।

কিন্তু কিছুমান লোকে কলে, “ভূতৰ ৰজা বেলচবূব ৰ সহায়তহে এওঁ ভূতবোৰক এনেদৰে খেদায়।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন