কিন্তু প্ৰভুৱে উত্তৰত তেওঁক ক’লে, “মাৰ্থা, মাৰ্থা, তুমি বহু বিষয়ত চিন্তিত আৰু ব্যস্ত হৈ আছা, কিন্তু মাত্ৰ এটা বিষয়হে প্ৰয়োজনীয়৷
যিমানে বেছি কথা কোৱা হয়, সিমানে অসাৰতা বাঢ়ে; তাৰ দ্বাৰাই মানুহৰ কি লাভ?
সংসাৰৰ চিন্তা, ধনৰ মায়া আৰু আন আন বিষয়ৰ লোভ সোমাই, বাক্য হেঁচি ধৰে; তাতে সেই বাক্য বিফল হয়।
পাছত তেওঁলোকে আগবাঢ়ি যাওঁতে, যীচুৱে এখন গাৱঁত সোমাল; সেই গাঁৱত মাৰ্থা নামেৰে এজনী মহিলাই তেওঁক আদৰণি জনাই নিজৰ ঘৰত আলহী কৰি ৰাখিলে;
কিন্তু মাৰ্থাই আহাৰ যোগাৰৰ বাবে বহুত ব্যস্ত আছিল৷ তেওঁ যীচুৰ ওচৰলৈ আহি ক’লে “হে প্ৰভু, মোৰ ভনীয়ে মোক যে অকলশৰে কাম কৰিবলৈ এৰি দিছে এয়া আপুনি মন নকৰে নে? সেয়েহে সহায় কৰিবলৈ তাইক আজ্ঞা দিয়ক।”
পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “সেই বাবে মই তোমালোকক কওঁ, তোমালোকে কি খাম বুলি প্ৰাণৰ কাৰণে আৰু কি পিন্ধিম বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা।
কিন্তু এই জীৱনৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰাগ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনা সেইদিন যেন তোমালোকলৈ অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজে সাৱধানে থাকিবা।
আৰু যিবোৰ বীজ কাঁইটনিত পৰিল, সেয়ে হৈছে, যি সকলৰ শুনাৰ পাছত আয়ুসৰ কাল নিয়াঁওতে, জীৱনৰ চিন্তা, ধন, সম্পত্তি আৰু সুখত মগ্ন হোৱাত, এওঁলোকৰ একো ফল সিদ্ধ নহয়।
বৈথনিয়া গাৱঁৰ লাজাৰ নামৰ এজন ব্যক্তিৰ অসুখ হৈ আছিল। মৰিয়ম আৰু তাইৰ বায়েক মাৰ্থাও সেই গাৱঁতে থাকে।
মাৰ্থা, তেওঁৰ ভনীয়েক আৰু লাজাৰক যীচুৱে প্ৰেম কৰিছিল।
সেই ঠাইতে তেওঁলোকে যীচুৰ কাৰণে ৰাতিৰ আহাৰ যুগুত কৰিলে। মাৰ্থাই খোৱা আহাৰ বাঢ়ি দিছিল, যীচুৰ লগত যি সকলে ভোজনত বহিছিল তেওঁলোকৰ মাজতে লাজাৰো আছিল।
আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক।