Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



লূক 1:9

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিয়নো পুৰোহিত সকলৰ কার্য-প্রণালী অনুযায়ী প্ৰভুৰ মন্দিৰত সোমাই ধূপ জ্বলাবলৈ তেওঁৰ ওপৰত পাল পৰিল।

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

অম্ৰমৰ পুত্ৰ আছিল: হাৰোণ আৰু মোচি। অতি পবিত্ৰ বস্তু যিহোৱাৰ সাক্ষাতে ধূপ জ্বলাই, তেওঁৰ পৰিচৰ্যা কৰিবলৈ, আৰু তেওঁৰ নামেৰে চিৰকাল আশীৰ্ব্বাদ কৰিবৰ বাবে, হাৰোণক আৰু তেওঁৰ বংশধৰ সকলক স্থায়ীভাৱে মনোনীত কৰা হ’ল।

হাৰোণ আৰু তেওঁৰ পুত্রসকলে একেলগে মহা-পবিত্ৰ স্থানৰ সকলো কাৰ্য কৰিছিল। ইস্ৰায়েলক প্ৰায়শ্চিত কৰিবলৈ যজ্ঞবেদিৰ ওপৰত হোম-বলি দিছিল, আৰু ধূপ-বেদিৰ ওপৰত ধূপ জ্বলাইছিল। এই সকলো ঈশ্বৰৰ দাস মোচিৰ আজ্ঞা অনুসাৰে তেওঁলোকে কৰিছিল।।

কিন্তু শক্তিমান হোৱাৰ পাছত তেওঁৰ মন এনেকৈ গর্বিত হ’ল যে, তেওঁ দুষ্কৰ্ম কৰিবলৈ ধৰিলে; তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে। তেওঁ ধূপবেদীৰ ওপৰত ধূপ জ্বলাবলৈ যিহোৱাৰ মন্দিৰত সোমাল।

হে মোৰ বোপাহঁত, তোমালোকে এতিয়া অৱহেলা নকৰিবা, কিয়নো তোমালোকে যেন যিহোৱাৰ আগত থিয় হৈ তেওঁৰ পৰিচৰ্যা কৰা আৰু তেওঁৰ পৰিচাৰক ও ধূপ জ্বলাওঁতা হোৱা, এই কাৰণে তেওঁ তোমালোককেই মনোনীত কৰিলে।”

আৰু মোচিৰ দ্বাৰাই যিহোৱাই দিয়া আজ্ঞা অনুসাৰে, ইস্ৰায়েলৰ সন্তান সকলৰ সোঁৱৰণৰ অৰ্থে, অৰ্থাৎ হাৰোণৰ বংশৰ বাহিৰে আন বংশৰ কোনো মানুহ যেন যিহোৱাৰ আগত ধূপ উৎসৰ্গ কৰিবৰ নিমিত্তে ওচৰ নাচাপে আৰু কোৰহৰ ও তাৰ দলৰ দৰে নহয়, এই কাৰণে সেইবোৰ পিতাই যজ্ঞবেদীৰ ঢাকনিৰ অৰ্থে পতা কৰা হ’ল।

তেতিয়া তেওঁ মন্দিৰত সেই ৰূপ পেলাই দি তাৰ পৰা গুচি গৈ নিজকে নিজে ফাঁচি ল’লে।

এইদৰে সেইবোৰ নিৰ্ম্মিত হোৱাত পুৰোহিত সকলে উপাসনাৰ কাৰ্য সিদ্ধ কৰিবলৈ প্ৰথম কোঁঠালিত সদায় সোমায়;

তাৰ উপৰিও মোৰ পুৰোহিত হ’বলৈ, মোৰ যজ্ঞ বেদীৰ প্ৰস্থান কৰিবলৈ, ধূপ জ্বলাবলৈ আৰু মোৰ সাক্ষাতে এফোদ বস্ত্ৰ পিন্ধিবলৈ, ইস্ৰায়েলৰ আটাই ফৈদৰ পৰা মই তেওঁক মনোনীত কৰা নাই নে? আৰু ইস্ৰায়েলৰ সন্তান সকলৰ অগ্নিকৃত উপহাৰ তোমাৰ পিতৃবংশক দিয়া নাই নে?




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন