Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



লূক 1:22

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত তেওঁ যেতিয়া বাহিৰলৈ আহিল, লোক সকলৰ লগত একো কথা কব নোৱাৰিলে; তেতিয়া লোক সকলে বুজিব পাৰিলে যে মন্দিৰৰ ভিতৰত তেওঁ কোনো দর্শন পাইছে। কিন্তু তেওঁ লোক সকলৰ সৈতে ইংগিতেৰেহে কথা পাতিলে, মুখেৰে কোনো কথা কব নোৱাৰিলে।

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

মই তোমাৰ জিবা তালুত লগাম, যাতে তুমি বোবা হ’বা আৰু তেওঁলোকৰ আগত অনুযোগ কৰোঁতা নহ’বা; কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।

আনপিনে, মানুহবোৰে জখৰিয়াৰ বাবে অপেক্ষা কৰি আছিল আৰু মন্দিৰৰ ভিতৰত তেওঁৰ পলম হোৱা দেখি চিন্তিত হ’ল।

ইয়াৰ পাছত তেওঁৰ সেৱা কার্যৰ পাল সম্পূর্ণ হোৱাত, তেওঁ নিজৰ ঘৰলৈ গ’ল।

পাছত তেওঁলোকে সংকেত দি ল’ৰাৰ বাপেকৰ পৰা জানিব বিচাৰিলে যে, তেওঁ কি নাম দিব ইচ্ছা কৰে।

তেতিয়া চিমোন পিতৰে ইঙ্গিত দি সেই শিষ্য জনক ক’লে, “তেওঁ কাৰ বিষয়ে এই কথা কৈছে, সোধাচোন”?

পিতৰে নিজম দি থাকিবলৈ হাতেৰে ইংগিত দি, প্ৰভুৱে কেনেকৈ তেওঁক বন্দীশালৰ পৰা মুকলি কৰি আনিলে, তাৰ বৃত্তান্ত তেওঁলোকৰ আগত বৰ্ণনা কৰিলে৷ আৰু কলে, “তোমালোকে যাকোব আৰু ভাই সকলক এই সংবাদ দিবা৷” ইয়াকে কৈ তেতিয়াই তেওঁ ওলাই আন ঠাইলৈ গুচি গ’ল৷

পাছত ইহুদী সকলে আলেকজেন্দাৰক আগলৈ ঠেলি লোক সকলৰ মাজৰ পৰা উলিয়াই আনিলে। তাতে আলেকজেন্দাৰে হাত চাপৰি দি, লোক সকলৰ আগত বহলাই কবলৈ বিচাৰিলে;

পাছত তেওঁক অনুমতি দিয়াত, পৌলে জখলাৰ ওপৰত থিয় হৈ, মানুহবোৰৰ সন্মূখত হাত দাঙি সম্ভাষণ জনালে; তাৰ পাছত লোক সমূহ অতি নিজম দি থাকিল আৰু তেওঁ ইব্ৰী ভাষাৰে তেওঁলোকক কবলৈ আৰম্ভ কৰিলে,




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন