Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যোৱে 3:18

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সেই দিনা পৰ্ব্বতবোৰৰ পৰা নতুন দ্ৰাক্ষাৰস টোপা-টোপে পৰিব, ওখ পৰ্ব্বতবোৰৰ পৰা গাখীৰৰ সূঁতী বৈ যাব, যিহূদাৰ আটাই জুৰিবোৰৰ পানী বৈ যাব, আৰু যিহোৱাৰ গৃহৰ পৰা এটা ভুমুক ওলাই চিটীমৰ উপত্যকাত পানী দিব।

অধ্যায়টো চাওক কপি কৰক

18 পৰস্পৰ সংযোগসমূহ  

যি কালত মই গাখীৰৰ ওপৰতহে খোজ কাঢ়িছিলোঁ, আৰু শিলে মোন নিমিত্তে তেলৰ সোঁত বোৱাইছিল; মোৰ সেই পূৰ্ণ যৌৱনৰ কালত মই যেনেকৈ আছিলোঁ, তেনেকৈ এতিয়াও মই থকা হলে, কেনে ভাল আছিল!

এখন নদী আছে; তাৰ সুঁতিবোৰে ঈশ্বৰৰ নগৰক আনন্দময় কৰি তোলে, আনন্দময় কৰি তোলে সৰ্ব্বোপৰি জনা থকা সেই পবিত্ৰ স্থান।

মই তেওঁলোকক মিচৰীয়া লোকৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নামি আহিলোঁ। সেই দেশৰ পৰা উলিয়াই আনি, গাখীৰ মৌ-জোলবৈ থকা এখন উত্তম আৰু বহল দেশ, য’ত কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, যিবুচীয়া লোক সকলে বাস কৰে, এনে ঠাইলৈ তেওঁলোকক নিবলৈ আহিলোঁ।

মহাহত্যাৰ দিনা যেতিয়া ওখ দুৰ্গবোৰ ভাগি পৰিব তেতিয়া প্ৰত্যেক উচ্চ পাহাৰৰ ওপৰত আৰু প্ৰত্যেক ওখ পৰ্ব্বতৰ ওপৰত নৈ আৰু পানীৰ জুৰি হ’ব।

সেই সময়ত খোৰাসকলে হৰিণীৰ দৰে জাঁপ মাৰিব, আৰু বোবাসকলৰ জিভাই গান গাব, কাৰণ মৰুভূমিৰ পৰা পানীৰ ভুমুক আৰু মৰুপ্রান্তৰত জুৰিবোৰ ওলাব।

কাৰণ মই তৃষ্ণাতুৰ ভূমিৰ ওপৰত পানী বৰষাম, আৰু খৰাং ঠাইৰ ওপৰত নদী বোৱাম; মই তোমাৰ বংশৰ ওপৰত নিজ আত্মা, তোমাৰ সন্তানৰ ওপৰত নিজৰ আশীৰ্ব্বাদ বাকি দিম।

হে গগন মণ্ডল, ওপৰৰ পৰা তুমিয়ে বৰষুন বৰষোৱা! বৰষুন স্বৰূপে আকাশৰ পৰা তুমিয়ে ধাৰ্মিকতা ৰূপ পৰিত্রান বৰষোৱা। পৃথিবীয়ে ইয়াক শুহি লওক, সেই পৰিত্ৰাণ যেন লহপহকৈ বাঢ়িব; আৰু ধর্মপৰায়ণতা ইয়াৰ সৈতে একেলগে উদ্ভৱ হওক। মই, যিহোৱাইয়ে দুয়োকো সৃষ্টি কৰিলোঁ।

“হে তৃষ্ণাতুৰ লোকসকল, পানীৰ ওচৰলৈ আহাঁ! আৰু যি সকলৰ ধন নাই, সকলো আহাঁ; খোৱা বস্তু কিনা, আৰু ভোজন কৰা! আহাঁ, বিনামূল্যে বিনাদামে দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা।

কাৰণ তোমালোক শুশ্রূসা কৰিবা, আৰু সন্তুষ্ট হ’বা; তেওঁৰ স্তনে তোমালোকক সান্ত্বনা দিব; কাৰণ তুমি সেইবোৰ পান কৰি তৃপ্ত হ’বা আৰু তেওঁৰ অজস্র গৌৰৱৰ সৈতে আনন্দিত হ’বা,

তেতিয়া তেওঁলোকে আহি চিয়োনৰ উচ্ছস্থানত আনন্দ কৰিব। তেওঁলোকে যিহোৱাৰ সততাত আনন্দ কৰিব, যেনে ঘেহুঁ, নতুন দ্ৰাক্ষাৰস, তেল আৰু মেৰ-ছাগৰ জাকৰ পোৱালিবোৰ। কিয়নো তেওঁলোকৰ জীৱন পানী দিয়া উদ্যানৰ নিচিনা হ’ব, আৰু তেওঁলোকে কেতিয়াও পুনৰ শোক অনুভৱ নকৰিব।

হে মোৰ লোকসকল, মোৱাবৰ ৰজা বালাকে কি পৰিকল্পনা কৰিছিল, আৰু বিয়োৰৰ পুত্র বিলিয়মে বালাকক কি উত্তৰ দিছিল, সেই বিষয়ে সোঁৱৰণ কৰা। তাতে চিটীমৰ পৰা গিলগললৈ যাওঁতে যি ঘটিছিল, যিহোৱাৰ সেই ন্যায় কাৰ্যবোৰৰ বিষয়ে তোমালোকে জানিব পাৰিবা।

আৰু সেইদিনা যিৰূচালেমৰ পৰা জীৱন্ত জল সমূহ ওলাব, তাৰ আধা পূৱ সমুদ্ৰৰ ফালে, আধা পশ্চিম সমুদ্ৰৰ ফালে যাব; সেয়ে গৰম বা জাৰকালতো থাকিব।

পাছত ইস্ৰায়েলে চিটীমত বাস কৰিলে আৰু লোকসকলে মোৱাবৰ জীয়ৰীসকলেৰে সৈতে ব্যভিচাৰ কৰিবলৈ ধৰিলে,




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন