Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যোহন 7:5

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিয়নো তেওঁৰ ভায়েক সকলে তেওঁত বিশ্বাস কৰা নাছিল।

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

যীচুৱে যেতিয়া লোক সকলৰ আগত কথা কৈ আছিল, তেতিয়া তেওঁৰ মাক আৰু ভায়েক সকলে আহি তেওঁৰ সৈতে কথা পাতিবৰ বাবে বাহিৰত থিয় হৈ অপেক্ষা কৰি আছিল।

তেওঁৰ আত্মীয় সকলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে তেওঁক, ‘তেওঁ বলীয়া হ’ল’ বুলি কৈ ধৰিবলৈ ওলাই গ’ল।

তেওঁৰ ভায়েক সকল পর্বলৈ গ’ল আৰু পাছত তেৱোঁ তালৈ গ’ল। কিন্তু তেওঁ মুকলিকৈ যোৱা নাছিল, গোপনে গ’ল।

সেই কাৰণতে যীচুৰ ভায়েকহঁতে তেওঁক ক’লে, “তুমি যি যি কাম কৰিছা, সেইবোৰ তোমাৰ শিষ্য সকলে দেখা পাবৰ বাবে তুমিও এই ঠাই এৰি যিহুদীয়ালৈ যোৱা৷

যদি কোনোবাই নিজে জনাজাত হ’ব বিচাৰে, তেনেহলে তেওঁ গোপনে একো নকৰে। তুমি যেতিয়া এইবোৰ কামকে কৰা, তেনেহলে জগতৰ সন্মুখত নিজকে দেখুউৱা।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন