আপোনালোকে মোক বিচাৰিব, কিন্তু নাপাব; আৰু মই যি ঠাইলৈ যাম, আপোনালোক তালৈ যাব নোৱাৰিব।”
নিজৰ মেৰ-ছাগ আৰু গৰুৰ জাকবোৰক লৈ তেওঁলোকে যিহোৱাক বিচাৰি যাব, কিন্তু তেওঁলোকে তেওঁক নাপাব; কাৰণ তেওঁলোকৰ ওচৰৰ পৰা যিহোৱাই নিজক আঁতৰাই নিলে।
কিয়নো মই তোমাক কওঁ, প্ৰভুৰ নামেৰে যি জন আহিছে তেওঁ ধন্য, এই কথা নোকোৱালৈকে তুমি এতিয়াৰ পৰা পুনৰ মোক দেখিবলৈ নাপাবা।”
যদি মই যাওঁ আৰু তোমালোকলৈ ঠাই যুগুত কৰোঁ, তেনেহলে মই যি ঠাইত থাকোঁ, তোমালোকো সেই ঠাইতে থাকিবলৈ পাবা, এই কাৰণে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম।
যীচুৱে তেওঁক ক’লে, “ময়েই বাট, সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ কোনো নাযাব নোৱাৰে।
হে পিতৃ, মই বিচাৰো, তুমি মোক যি দিছা, যি ঠাইত মই আছোঁ, তেওঁলোকো যেন মোৰ লগত সেই ঠাইত থাকে, তুমি যি মহিমা মোক দিছা সেই মহিমা যেন তেওঁলোকে দেখিবলৈ পায়; কাৰণ জগত স্থাপন কৰাৰ পূর্বেই তুমি মোক প্ৰেম কৰিলা৷
তেওঁ যে কৈছে, ‘মোক বিচাৰিবা, কিন্তু নাপাবা, আৰু মই যি ঠাইত থাকিম, তালৈ যাব নোৱাৰিবা’, এইটোনো কি কথা?”