Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যোহন 7:31

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু লোক সকলৰ অনেকে তেওঁত বিশ্বাস কৰিলে। তেওঁলোকে ক’লে, “এই লোক জনে অনেক আচৰিত কাম কৰিছে। কিন্তু খ্ৰীষ্ট যেতিয়া আহিব, তেতিয়া তেওঁ এওঁতকৈ অধিক আচৰিত চিনৰ কার্য কৰিব নেকি?”

অধ্যায়টো চাওক কপি কৰক

19 পৰস্পৰ সংযোগসমূহ  

তাতে সকলো লোকে বিস্ময় মানি ক’লে, “এই মানুহ দায়ুদৰ বংশধৰ হ’ব পাৰে নে?”

আৰু শিলনিত যি পৰিল, সেইবোৰ বাক্য শুনি আনন্দেৰে গ্ৰহণ কৰা মানুহ; এওঁলোকৰ শিপা নথকাত, এওঁলোকে অলপ সময় বিশ্বাসত থাকে, পাছত পৰীক্ষাৰ সময় আহিলে খহি পৰে।

মৰিয়মৰ ওচৰলৈ যি সকল ইহুদী লোক আহিছিল, সেই লোক সকলৰ মাজৰ অনেকে যীচুৱে যি কৰিলে তাকে দেখি তেওঁক বিশ্বাস কৰিলে।

কিয়নো সেই কাৰণে বহুতো ইহুদী লোকে যীচুত বিশ্বাস কৰিছিল।

তথাপি শাসনকৰ্তা সকলৰ মাজৰ অনেকে যীচুত বিশ্বাস কৰিলে; কিন্তু তেওঁলোকক নাম-ঘৰৰ পৰা নিষিদ্ধ কৰাৰ ভয়তে ফৰীচী সকলৰ কাৰণে তেওঁলোকে স্বীকাৰ নকৰিলে;

গালীল প্ৰদেশৰ কান্না নগৰত এই প্রথম আচৰিত চিনৰ কার্য কৰি যীচুৱে নিজৰ মহিমা প্রকাশ কৰিলে। তাতে তেওঁৰ শিষ্য সকলে তেওঁৰ ওপৰত বিশ্বাস কৰিলে।

এদিন ৰাতি তেওঁ যীচুৰ ওচৰলৈ আহি ক’লে, “ৰব্বি, আমি জানো যে আপুনি ঈশ্বৰৰ ওচৰৰ পৰা অহা এজন শিক্ষক। কিয়নো আপুনি এই যি যি আচৰিত চিন দেখুৱাইছে, ঈশ্বৰ সঙ্গী নহ’লে এনে চিন কোনেও দেখুৱাব নোৱাৰে।”

“আহাঁছোন, এজন মানুহক চোৱাঁহি; মই যি সকলো কৰিলোঁ, তেওঁ সেই সকলোকে মোক ক’লে। এই জনেই সেই খ্ৰীষ্ট নেকি?”

যি মহিলা গৰাকীয়ে সাক্ষ্য দিছিল যে “মই যি সকলো কৰিলোঁ, তেওঁ মোক সেই সকলোকে ক’লে,” তেওঁৰ কথাত সেই নগৰৰ অনেক চমৰীয়া মানুহে যীচুত বিশ্বাস কৰিলে।

তেতিয়া বহু মানুহৰ এটা দল যীচুৰ পাছে পাছে গ’ল, কাৰণ যীচুৱে ৰোগী সকললৈ যি যি কৰিছিল, সেই সকলো আচৰিত কার্যৰ চিনবোৰ তেওঁলোকে দেখা পাইছিল।

কিন্তু চোৱা, এওঁতো মুকলিকৈ কথা কৈ আছে, তথাপি তেওঁলোকে এওঁক একো কোৱা নাই। তেনেহলে, এনে হব পাৰে নেকি, শাসনকর্তা সকলে সঁচাই জানিব পাৰিছে যে এই লোক জনেই খ্ৰীষ্ট?

তাতে ফৰীচী সকলৰ কিছুমানে ক’লে, “এই মানুহ ঈশ্বৰৰ ওচৰৰ পৰা অহা নাই; কিয়নো সি বিশ্ৰামবাৰ পালন নকৰে।” কিন্তু আন কোনো কোনোৱে ক’লে, “কিন্তু পাপী মানুহে কেনেকৈ এনে আচৰিত কাম কৰিব পাৰে?” এইদৰে তেওঁলোকৰ মাজত ভাগ ভাগ হ’ল।

পাছত সেই চিমোনে নিজেও বিশ্বাস কৰি বাপ্তিস্ম ল’লে; তাৰ পাছত তেওঁ ফিলিপৰ লগত থাকি আচৰিত চিন আৰু কার্যবোৰ সিদ্ধ হোৱা দেখি বিস্ময় মানিলে।

কিয়নো যেনেকৈ আত্মা-বিহীন শৰীৰ মৰা, তেনেকৈ কৰ্মবিহীন বিশ্বাসো মৰা।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন