কিয়নো স্বৰ্গৰ পৰা নামি আহি যিহে জগতক জীৱন দান কৰে, সেয়ে ঈশ্বৰে দিয়া পিঠা।”
যীচুৱে জানিছিল যে, পিতৃয়ে তেওঁক সকলো বস্তুৰ ওপৰত ক্ষমতা দিছে; তেওঁ ঈশ্বৰৰ পৰা আহিছে আৰু পুনৰাই তেওঁ ঈশ্বৰৰ ওচৰলৈ উভতি যাব।
মই পিতৃৰ ওচৰৰ পৰা জগতলৈ আহিলোঁ; আকৌ জগতক এৰি এতিয়া মই পিতৃৰ ওচৰলৈ যাওঁ।”
কিয়নো তুমি যি বাক্য মোক দিলা, সেই বাক্য মই তেওঁলোকক দিলোঁ আৰু তেওঁলোকে সেই সকলোকে গ্ৰহণো কৰিলে, মই যে তোমাৰ পৰা আহিলোঁ, ইয়াকো তেওঁলোকে সঁচাকৈ জানিলে আৰু তুমি যে মোক পঠালা সেয়াও বিশ্বাস কৰিলে।
যি জন স্বর্গৰ পৰা নামি আহিল, সেই মানুহৰ পুত্রৰ বাহিৰে কোনো স্বৰ্গলৈ উঠা নাই।
যীচুৱে তেওঁলোকক ক’লে, “মই আপোনালোকক সঁচাকৈয়ে কওঁ, স্বর্গৰ পৰা সেই পিঠা মোচিয়ে আপোনালোকক দিয়া নাছিল, কিন্তু মোৰ পিতৃয়েহে আপোনালোকক স্বৰ্গৰ পৰা প্রকৃত পিঠা দিয়ে
কিয়নো মই মোৰ নিজৰ ইচ্ছা পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি অহা নাই, কিন্তু মোক পঠোৱা জনৰ ইচ্ছা পূৰ কৰিবলৈহে নামি আহিছোঁ।
পাছত ইহুদী নেতা সকলে যীচুৰ বিষয়ে ভোৰভোৰনি আৰম্ভ কৰিলে; যিহেতু তেওঁ কৈছিল, “স্বৰ্গৰ পৰা নমা আহাৰ ময়েই;”
জীৱন দিওঁতা আহাৰ (পিঠা) ময়েই।
স্বৰ্গৰ পৰা নামি অহা আহাৰ এয়ে; যি মানুহে ইয়াক খায়, তেওঁ পুনৰ নমৰে।
স্বৰ্গৰ পৰা নমা আহাৰ এয়েই। পিতৃপুৰুষ সকলে যেনেকৈ খায়ো মৰিল, তাৰ নিচিনা নহয়; যি জনে এই আহাৰ খায়, সেই জন চিৰকাল জীৱ।”
যীচুৱে তেওঁলোকক ক’লে, “ঈশ্বৰ আপোনালোকৰ পিতৃ হোৱা হ’লে, আপোনালোকে মোক প্ৰেম কৰিলেহেঁতেন; কিয়নো মই ঈশ্বৰৰ ওচৰৰ পৰা আহিছোঁ; মই নিজৰ পৰা আহি ইয়াত থকা নাই, কিন্তু ঈশ্বৰেহে মোক ইয়ালৈ পঠিয়ালে।
পাপী লোকৰ পৰিত্ৰাণ কৰিবৰ কাৰণে খ্ৰীষ্ট যীচু যে জগতলৈ আহিল, এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰহণ কৰিবৰ যোগ্য৷ আৰু এই পাপী লোকৰ মাজত ময়েই প্ৰধান।