Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যোহন 5:45

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

নাভাবিব যে পিতৃৰ আগত মই আপোনালোকক দোষী কৰিম; অাপোনালোকক দোষী কৰোঁতা আন এজন আছে। যি মোচিৰ ওপৰত আপোনালোকে আশা কৰিছে, তেৱেঁই আপোনালোকক দোষী কৰিছে।

অধ্যায়টো চাওক কপি কৰক

14 পৰস্পৰ সংযোগসমূহ  

কিন্তু অব্ৰাহামে তেওঁক ক’লে, ‘তেওঁলোকৰ বাবে মোচি আৰু ভাববাদী সকল আছে; তেওঁলোকৰ কথা শুনক৷’

যি কোনোৱে মোক অগ্ৰাহ্য কৰে, আৰু মোৰ কথাও গ্ৰহণ নকৰে, তেওঁৰ সোধ-বিচাৰ কৰোঁতা এজন আছে, আৰু মই যি বার্তা দিছোঁ শেষৰ দিনা সেই বার্তাই তেওঁৰ সোধ-বিচাৰ কৰিব।

মোচিয়ে জানো আপোনালোকক বিধান দিয়া নাই? কিন্তু আপোনালোকৰ কোনেও যে সেই বিধান পালন নকৰে। আপোনালোকে মোক কিয় বধ কৰিবলৈ বিচাৰিছে?

এই কথা শুনি তেওঁলোকৰ বয়সীয়া সকলৰ পৰা আৰম্ভ কৰি শেষৰ জনলৈকে এজন এজনকৈ সকলো বাহিৰলৈ ওলাই গ’ল৷ অৱশেষত কেৱল যীচু আৰু তেওঁলোকৰ মাজত থিয় হৈ থকা সেই মহিলা গৰাকীহে সেই ঠাইত থাকিল।

সেয়েহে বিধান নাজানি যি সকলে পাপ কৰিলে, সেই সকলোৰে বিধান অবিহনে বিনাশ হ’ব আৰু একেদৰে যি সকলে বিধান জানিও পাপ কৰিলে, তেওঁলোকৰ বিধানৰ দ্ৱাৰাই সোধ-বিচাৰ হ’ব।

কিয়নো যিমান মানুহে বিধান-শাস্ত্ৰৰ কৰ্মৰ ওপৰত নির্ভৰ কৰে, সেই সকলোৱেই শাপগ্ৰস্ত; কিয়নো শাস্ত্রত লিখা আছে, “বিধানত যি সকলো লিখা আছে, তাৰ সকলো কথা যি জনে পালন নকৰে, তেওঁ শাপগ্রস্ত।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন