Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যোহন 4:45

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁ যেতিয়া গালীল প্ৰদেশলৈ আহিল, তেতিয়া গালীলীয়া লোক সকলে তেওঁক সাদৰেৰে গ্ৰহণ কৰিলে; কাৰণ তেওঁলোকো সেই নিস্তাৰ পৰ্বৰ সময়ত যিৰূচালেমলৈ গৈছিল আৰু তাতে নিস্তাৰ পৰ্বৰ সময়ত তেওঁ যি যি কৰিছিল, সেই সকলো তেওঁলোকে দেখিছিল।

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

সেই সময়ত তাত উপস্থিত থকা কেইজনমান লোকে যীচুক গালীলীয়া লোকৰ বিষয়ে এই সম্বাদ দিলে যে, পীলাতে তেওঁলোকৰ বলিৰ উৎসর্গৰ তেজৰ সৈতে গালীলীয়া সকলৰ তেজ মিহলি কৰিছিল।

পাছত যীচু ঘূৰি আহোতে, লোক সকলে তেওঁক আদৰেৰে গ্ৰহণ কৰিলে; কিয়নো তেওঁলৈ সকলোৱে অপেক্ষা কৰি আছিল।

কিন্তু তেওঁ যিৰূচালেমলৈ যাবৰ বাবে মন স্থিৰ কৰাত, সেই ঠাইৰ লোক সকলে তেওঁক গ্ৰহণ নকৰিলে।

নিস্তাৰ-পৰ্বৰ সময়ত যিৰূচালেমত থাকোতে যীচুৱে যিবোৰ আচৰিত কাম কৰি চিন দেখুৱালে, সেইবোৰ দেখি বহু মানুহে তেওঁৰ নামত বিশ্বাস কৰিলে।

এদিন ৰাতি তেওঁ যীচুৰ ওচৰলৈ আহি ক’লে, “ৰব্বি, আমি জানো যে আপুনি ঈশ্বৰৰ ওচৰৰ পৰা অহা এজন শিক্ষক। কিয়নো আপুনি এই যি যি আচৰিত চিন দেখুৱাইছে, ঈশ্বৰ সঙ্গী নহ’লে এনে চিন কোনেও দেখুৱাব নোৱাৰে।”

যীচুৱে পুণৰ যিহুদীয়াৰ পৰা গালীল প্ৰদেশলৈ গৈ এইটো দ্বিতীয় আচৰিত চিন দেখুৱালে।

ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত বছৰত তিনিবাৰ, খমীৰ নিদিয়া পিঠাৰ উৎসৱত, সপ্তাহবোৰৰ মুৰৰ উৎসৱত, আৰু পঁজা-পৰ্ব্বত তেওঁৰ আগত আটাই পুৰুষ উপস্থিত হ’ব; কিন্তু শুদা হাতে তেওঁৰ আগত উপস্থিত হ’ব নালাগে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন