কিন্তু যীচুৱে মন্দিৰ বুলি নিজৰ দেহ-মন্দিৰৰ বিষয়লৈহে সেই কথা কৈছিল।
সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।
সেয়ে, পাছত যেতিয়া যীচুক মৃত লোকৰ মাজৰ পৰা তোলা হ’ল, তেতিয়া তেওঁৰ শিষ্য সকলৰ মনত পৰিল যে তেওঁ এই কথাই কৈছিল। তেতিয়া তেওঁলোকে ধৰ্মশাস্ত্ৰৰ কথাত আৰু যীচুৰ এই কথাত বিশ্বাস কৰিলে।
আপোনালোক যে ঈশ্বৰৰ মন্দিৰ, আৰু ঈশ্বৰৰ আত্মা যে আপোনালোকত নিবাস কৰে, ইয়াক আপোনালোকে নাজানে নে?
আপোনালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে আপোনালোকৰ অন্তৰত থাকে, ইয়াক আপোনালোকে নাজানে নে কি? আপোনালোক এতিয়া নিজৰ নহয়।
আৰু মূৰ্তিবোৰৰ সৈতে ঈশ্বৰৰ মন্দিৰৰ কি বিধান আছে? কিয়নো আমি জীৱনময় ঈশ্বৰৰ মন্দিৰ; এই বিষয়ে ঈশ্বৰে কৈছে, বোলে, “মই তেওঁলোকৰ মাজত বসতি কৰি থাকিম আৰু অহা-যোৱা কৰিম; মই তেওঁলোকৰ ঈশ্বৰ হ’ম আৰু তেওঁলোক মোৰ লোক হ’ব।”
সেই কাৰণে ঈশ্বৰে আনন্দেৰে সিদ্ধান্ত ল’লে যে, তেওঁত সকলো সম্পূৰ্ণতা বাস কৰা উচিত;
কিয়নো তেওঁত ঈশ্বৰত্বৰ সকলো সম্পূৰ্ণতা শাৰীৰিক ৰূপে নিবাস কৰে।
তেওঁ মহা-পবিত্ৰ স্থানত প্ৰকৃত উপাসনা তম্বুৰ পৰিচর্যাকাৰী হৈছে৷ সেই তম্বু কোনো মৰ্ত্ত্যৰ দ্বাৰা স্থাপন কৰা নহয়, কিন্তু প্ৰভুৰ দ্বাৰা স্থাপিত হৈছে৷